ডিজিটেল ডেস্ক : 'আপোনালোক যদি সৈমান হৈ যায় যে গৌৰৱ গগৈয়ে ৰাষ্ট্রদ্রোহ কৰিছে, তেন্তে আজিয়েই তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। কিন্তু মানুহ সৈমান হোৱা নাই নহয়। তদুপৰি তেওঁৰ প্রতি সমৰ্থন থকা মানুহবিলাকক সৈমান কৰাব লাগিব। দেওবাৰে তেজপুৰত সাংবাদিকৰ আগত সাংসদ তথা অসম প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰি সৰৱ হৈ পৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱা।
উল্লেখযোগ্য যে কেইবাটাও কার্যসূচীৰে উপস্থিত হোৱা মন্ত্রী বৰুৱাই গৌৰৱ সন্দর্ভত স্থানীয় সাংবাদিকে সোধা প্রশ্নোত্তৰত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্রদ্রোহ কৰা মানুহৰ নিউজেই বজাব নাপায়। কিন্তু একাংশ সংবাদ প্রতিষ্ঠানৰ মালিকৰ গৌৰৱৰ প্ৰতি কিয় ইমান দৰদ সেয়াহে বুজি পোৱা নাই। সাংসদ তথা লোক সভাৰ বিৰোধী উপ-দলপতি, গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক পাকিস্তানৰ জিন্নাৰ লগত কৰা তুলনাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয়, 'ৰাজপুত্ৰ হোৱাৰ বাবেই তেওঁলৈ দৰদ একাংশৰ। গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ এটা প্রচেষ্টা লাগিব। তেওঁক গ্ৰেপ্তাৰ কৰিলে আপোনাকলোকতো ইমান মানুহ তেওঁৰ সমর্থনত আছে, হাহাকাৰ লগাই দিব। গোটেই অসমত গণ্ডগোল লগাই দিব।' তেওঁ আৰু কয় যে গৌৰৱ গগৈয়ে নিজমুখে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিছে। গৌৰৱ গগৈয়ে সন্তানসহ বিদেশী পত্নীক ভাৰতীয় কৰি দেখুৱাওক আৰু ৰাইজৰ ওচৰত ক্ষমা খোজক বুলি কৈ মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
মন কৰিবলগীয়া যে গৌৰৱ গগৈক লৈ সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰিত কৰাক লৈও মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ক্ষোভ প্রকাশ কৰে। 'ৰাষ্ট্রদ্রোহ কৰা যিকোনো মানুহৰ নিউজ আপোনালোকে বজাবই নাপায়' বুলিও তেওঁ সংবাদ মাধ্যমৰ প্ৰতি আক্রোশমূলক মন্তব্য কৰে। প্ৰসংগক্রমে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পাকিস্তান প্ৰীতিৰ কথা উল্লেখ কৰি দলটোৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্রেছ দলটোক তীব্র সমালোচনা কৰি পাকিস্তান যুদ্ধ আৰু বাংলাদেশ যুদ্ধৰ পাছত প্ৰত্যাৱৰ্তনৰ বেলিকা কংগ্ৰেছৰ ভূমিকাৰ কথা উল্লেখ কৰে।