ডিজিটেল ডেস্ক: অৱশেষত দিন-বাৰ-সময় ঠিক হ'ল। অহা ৮ ফেব্ৰুৱাৰীত দিনৰ ১০-৩০ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংকৰ সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা প্রতিবেদনখন ৰাজহুৱা কৰিব।
কালি দিছপুৰত মুখ্যমন্ত্রী ড° হিমন্ত শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আলী তৌকিৰ শ্বেখৰ গোচৰ সংক্ৰান্তত গঠন কৰা এছ আই টিৰ প্ৰতিবেদনৰ সন্দর্ভত আজি আলোচনা কৰা হৈছে। কেবিনেটে গৃহ বিভাগক নির্দেশ দিছে যে ৭ তাৰিখৰ কেবিনেটত এই বিষয়বস্তুটো আনুষ্ঠানিকভাৱে আনিব লাগে। ৮ ফেব্ৰুৱাৰীত দিনৰ ১০-৩০ বজাত সংবাদমেলত এছ আই টিৰ প্ৰতিবেদন যিমানখিনি পাৰি ৰাজহুৱা কৰাৰ বাবে কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে।'
ড° শৰ্মাৰ মতে, এছ আই টিৰ প্রেজেনটেশ্যন দেখি মন্ত্ৰীসকল আচৰিত হৈছে। দুই এজনে মূৰতো হাত দিছে। সকলোৱে ভাবিছে- তৰুণ গগৈৰ ল'ৰাই ইমান পর্যায়লৈ কেনেকৈ যাব পাৰে। সাধাৰণ মানুহৰ বাবে এই প্রতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ ডকুমেন্ট হ'ব বুলি জনাই তেওঁ লগতে কয় যে ৮ তাৰিখে এই বিষয়টোৰ আমি যৱনিকা পেলাম। তাৰ পাছত ভাৰত চৰকাৰে যিদৰে আগবঢ়াই আগবঢ়াব। আনহাতে, আলী তৌকিৰ শ্বেখৰ বিৰদ্ধে গোচৰটো ৰুজু কৰি চৰকাৰে উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিল বুলি জনাই মুখ্যমন্ত্রীয়ে কয় যে প্রায় ২২-২৫জন লোকক এক্সামিন কৰিছিলোঁ। তাৰ পাছত আমি যিখিনি তথ্য পালোঁ, তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰৰ উপৰি এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে। ইয়াৰ পৰৱৰ্তী তদন্ত অসম চৰকাৰে কৰিব নে ভাৰত চৰকাৰে কৰিব, তাৰ আনুষ্ঠানিক সিদ্ধান্ত ৭ তাৰিখে ল'ম।
আনহাতে, ৮ ফেব্ৰুৱাৰীত দিনৰ দহ বজাত অনুষ্ঠিত হ'ব লগীয়া সংবাদমেললৈ সকলো সাংবাদিককে নিমন্ত্রণ জনাই তেওঁ প্রকাশ কৰে যে বিজেপিৰ কোনো এজনে এনে কাম কৰা হ'লে তেওঁক দলে বহিষ্কাৰ কৰিলেহেঁতেন। কিন্তু ৰাহুল গান্ধীয়ে কি কৰে নাজানো। ৰাহুল গান্ধী নিজেই ক'ৰ নাগৰিক তাত সন্দেহ আছে। ইফালে, কালি কেবিনেটে গ্রহণ কৰা আন কেইবাটাও সিদ্ধান্তৰ কথা সদৰী কৰি তেওঁ কয় যে অৰুণাচল প্রদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে যাতে অসমত নিযুক্তি লাভ কৰে তাৰ বাবে তেওঁলোকে তিনিচুকীয়া জিলা নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিব পাৰিব। ডিব্ৰুগড় জিলাৰ টিংখা সমষ্টিত তিলৈবাৰী বঙালী আৰু তিলৈবাৰী নেপালী গাঁৱৰ লোকসকলে যাতে মাটিৰ পট্টা লাভ কৰে তাৰ বাবেও আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। সেই অনুসৰি তেওঁলোকে বাস কৰি থকা ভূমিৰ ভি জি আৰ উঠাই লোৱা হৈছে।
মুখ্যমন্ত্রী ড° শৰ্মাই চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ অবণ্টনৰ প্ৰ-পত্ৰ ৯ ফেব্ৰুৱাৰীৰ দিনৰ দুই বজাত বিতৰণ কৰা হ'ব বুলিও জনায়। এই উপলক্ষে দিনজয় চাহ বাগিচাত অনুষ্ঠিত হ'ব লগীয়া এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব। আনহাতে, বহুতো চাহ বাগিচা নগৰ অঞ্চলত পৰাৰ ফলত প্রিমিয়ামৰ ক্ষেত্রত সমস্যা হৈছে বুলি জনাই তেওঁ কয় যে কেবিনেটে ঠিক কৰিছে যে শ্রমিকসকলে মাত্র পাঁচশ টকা প্রিমিয়াম দিলেই হ'ব। এই ধনো পাঁচ বছৰৰ ভিতৰত দিব পাৰিব।
উল্লেখযোগ্য যে ধেমাজি আৰু ডিব্ৰুগড়ত দুটা মিল্ক প্রচেছিং উদ্যোগ স্থাপন কৰিবলৈ আজিৰ কেবিনেটে ১৩৫ কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা লোৱাৰ সিদ্ধান্ত লৈছে। একেদৰে পঞ্চায়ত, আঞ্চলিক আৰু জিলা পৰিষদৰ সদস্যসকলে চৰকাৰী কৰ্মচাৰীৰ দৰেই চিকিৎসাৰ ক্ষেত্ৰত বিনামূলীয়া সুবিধা লাভ কৰিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চায়ত প্রতিনিধিসকলক মুখ্যমন্ত্ৰীৰ লোক সেৱা আৰোগ্য যোজনাত অন্তর্ভুক্ত কৰা হ'ব। ইয়াৰ ফলত ত্রিশ হাজাৰ পঞ্চায়ত প্রতিনিধি উপকৃত হ'ব। ইফালে, আজিৰ কেবিনেটে চুতীয়া জনগোষ্ঠীৰ বাবে এ পি এছ চি পৰীক্ষাত এটা ডি এছ পি আৰু এটা মেজিষ্ট্ৰেটৰ পদ সংৰক্ষণ কৰাৰো সিদ্ধান্ত লয়।