মৃত্যুৰ ক্ষণ গণিছে গৌৰীসাগৰ চৰকাৰী ৰেছম পামে

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : স্বাধীনোত্তৰ প্ৰাকৃক্ষণত ব্ৰিটিছ চৰকাৰৰ আমোলত অর্থাৎ ১৯৪১চনত প্রতিষ্ঠা হোৱা গৌৰীসাগৰ চৰকাৰী ৰেচম পাম আৰু পাটসূতা কটা আৰু পকোৱা প্ৰতিষ্ঠানত বাজিছে মৃত্যু ঘণ্টা। ব্ৰিটিছৰ চৰম শোষণ আৰু বঞ্চনাৰ অভিযোগ উত্থাপন কৰি জনসাধাৰণে বিদ্ৰোহৰ অগনি জ্বলাই দেশৰপৰা অপশাসনৰ অৱসান ঘটাবলৈ সক্ষম হ'লেও ব্ৰিটিছে গঢ়ি থৈ যোৱা উদ্যোগটো স্বাধীন দেশৰ কোনো এখন জাতীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্র শক্তিশালী ৰেচম উদ্যোগটো কার্যক্ষম কৰি ৰাখিবলৈ সক্ষম হোৱা নাই। 

উল্লেখযোগ্য যে গৌৰীসাগৰৰ ৰজাদিনীয়া বৰপুখুৰীৰ পাৰত এক মনোমোহা প্রাকৃতিক পৰিৱেশৰ মাজত প্রতিষ্ঠিত উক্ত ৰেচম পামৰ জৰিয়তে থলুৱা পলুপালকসকল উপকৃত হৈ অহাৰ উপৰি ইয়াত উৎপাদিত উন্নতমানৰ সোণালী সূতাই বিশ্বৰ বজাৰত লাভ কৰিছিল বিশেষ গুৰুত্ব। আশ্চর্যজনক যে ব্রিটিছ আমোলত প্রতিষ্ঠিত এই ৰেচম উদ্যোগটোক লৈ ভাৰত চৰকাৰহে নালাগে, অসমৰ কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰাত অসমৰ ঐতিহ্য, সংস্কৃতি আৰু অৰ্থনীতিৰ স্বাভিমানৰ প্ৰতীক ৰেচম উদ্যোগটোলৈ পর্যায়ক্রমে এফালৰ পৰা স্থবিৰতা নামি আহে। অনুসন্ধান কালত পোহৰলৈ অহা খবৰ মতে, ১৯১৪ চনৰ পৰা চৰকাৰৰ আৰ্থিক অনুদানৰ অভাৱত মৃত্যু ঘণ্টা বাজিবলৈ আৰম্ভ কৰা থলুৱা উদ্যোগটোৰ লাখ লাখ টকাৰ যন্ত্ৰ-পাতি বন্ধ ঘৰৰ ভিতৰত মামৰে ধৰি অচল হৈ পৰি থাকিব লগা হৈছে। কেৱল সেয়ে নহয়, গৌৰীসাগৰ বৰপুখুৰীৰ দক্ষিণ-পশ্চিম দুই পাৰত অৱস্থিত চোম আৰু নুনি পাম দুখনত চাৰি বেৰা নোহোৱা অৱস্থাত পৰি উদঙীয়া গৰু, ছাগলীৰ দ্বাৰা ক্ষতি হোৱাত পূৰ্বৰ পৰিৱেশ বিঘ্নিত হৈ পৰে বহুদিনৰ আগেয়ে। কিয়নো পুখুৰীৰ চাৰিটাকৈ পাৰ অসম চৰকাৰে অসম দর্শন আঁচনি আওতাত লৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াত লাভজনক উদ্যোগটো উন্মুক্ত হৈ একালৰ বিশাল ৰেচম পাম দুখন অসামাজিক কাৰ্যকলাপৰ প্ৰধান উৎস হৈ পৰে। দীর্ঘদিনীয়া ৰাজসাহায্যৰ অভাৱত এফালৰ পৰা কৰ্মচাৰীৰ আৱাসগৃহসমূহ জহি খহি যোৱাৰ লগতে বহু আৱাসগৃহৰ অস্তিত্ব বুলিবলৈ ভগ্নাৱশেষহে আছেগৈ। সম্প্ৰতি চৰকাৰী ৰেচম পামত ৯ জনকৈ বিষয়া-কর্মচাৰীয়ে ভাৰাঘৰত থাকি কর্তব্য সম্পাদন কৰিব লগা হৈছে। অৱশ্যে দুই-এক বিষয়া-কৰ্মচাৰীয়ে গাঁঠিৰ ধন খৰচ কৰি বিভাগীয় আৱাস গৃহসমূহ মেৰামতি কৰিহে বসবাস কৰি আছে। এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত প্রতিষ্ঠানটোৰ দুৰৱস্থা কৈ থাকিলে বা লিখি থাকিলেও যেন ওৰ নপৰা অৱস্থা। জেপৰ ধন ব্যয় কৰি কাৰ্যালয়ৰ প্ৰয়োজনীয় কাগজ-পত্ৰ ক্ৰয় কৰাৰ লগতে কাৰ্যালয়ৰ নামফলক পর্যন্ত জেপৰ ধন খৰচ কৰি নিৰ্মাণ কৰিব লগা হৈছে নানা সমস্যা আৰু প্ৰত্যাহ্বান নেওচি কর্তব্য সম্পাদন কৰিব লগা হোৱা বিভাগীয় কৰ্মচাৰীসকলে। উল্লেখ কৰাৰ প্ৰয়োজনীয় বিষয়টো হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এই শক্তিশালী ৰেচম উদ্যোগটো শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত উন্নয়ন আৰু বিকাশৰ শ্ল'গান দিয়া বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কোনো আঁচনিয়েই অদ্যাপি ঢুকি পাবলৈ সক্ষম হোৱা নাই। 

পলমকৈ ৰাজ্য চৰকাৰে মুগা শিল্পক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে ৪১১ কোটি টকা ব্যয় সাপেক্ষে 'মিছন চেনেহজৰী' নামেৰে এক আঁচনি গ্রহণ কৰিছে যদিও এই আঁচনিয়ে গৌৰীসাগৰ চৰকাৰী ৰেচম পাম আৰু পাট সূতা কটা আৰু পকোৱা প্রতিষ্ঠানটোক ঢুকি পাবনে? সচেতন জনসাধাৰণৰ বাবে হৈ পৰিছে ই লাখ টকীয়া প্রশ্ন। নে কেন্দ্ৰীয় মন্ত্ৰী তথা পূৰ্বৰ তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰৰ কাৰ্যকালত হাতত লোৱা ১০০ কোটি টকীয়া 'মুগা মিছন' আঁচনিখনে ঢুকি নোপোৱাৰ দৰেই এইবাৰো বঞ্চিত হ'ব গৌৰীসাগৰৰ এই চৰকাৰী ৰেচম পাম আৰু পাট সূতা কটা আৰু পকোৱা প্রতিষ্ঠানটো। ৰাইজৰ বাবে হৈ পৰিছে ই এক লক্ষণীয় বিষয়।

Share This