ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ আগে-আগে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতীয় ছিনিয়ৰ দল আৰু ভাৰত 'এ'ৰ মাজৰ প্ৰস্তুতি মেচ। সিদিনাই লণ্ডনৰ পৰা স্বদেশ অভিমুখে ৰাওনা হৈছে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ। পাৰিবাৰিক কাৰণৰ বাবে হঠাৎ স্বদেশলৈ ৰাওনা হ'বলগীয়া হৈছে গম্ভীৰ। সৰ্বভাৰতীয় এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুযায়ী গৌতমৰ মাতৃ সীমা গম্ভীৰ বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈছে। মাতৃৰ অসুস্থতাৰ খবৰ লাভ কৰিয়েই দেশলৈ উভতিছে গম্ভীৰ। ইয়াৰ ফলত অন্তিম প্রস্তুতি মেচত দলৰ সৈতে থাকিব নোৱাৰিব মুখ্য প্রশিক্ষকগৰাকী।
বিশেষ পৰিস্থিতিৰ বাবে ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ অনুমতি লৈ ঘৰলৈ উভতিছে গম্ভীৰ। প্রথম টেষ্ট আৰম্ভ হোৱাৰ আগেয়েই ইংলেণ্ডত উপস্থিত হ'ব প্রশিক্ষকগৰাকী। ভাৰতীয় শিবিৰৰ সূত্ৰৰ মতে, সকলো ঠিকে-ঠাকে থাকিলে ১৭ জুনত দলত যোগ দিব গম্ভীৰে। অহা ২০ জুনত আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথম টেষ্ট। এই শৃংখলাৰ জৰিয়তেই ২০২৫-২৭ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চক্ৰ আৰম্ভ কৰিব ভাৰতীয় দলে।
বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত ভাৰতে এই প্ৰথমবাৰ টেষ্টত অৱতীৰ্ণ হ'ব। ইয়াৰ উপৰি, ঘৰৰ মাটিত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্রফী শৃংখলা হেৰুৱাই চাপত আছে গম্ভীৰ। সকলো মিলি ইংলেণ্ডৰ বিৰুদ্ধে আসন্ন ৫খনীয়া টেষ্ট শৃংখলা ভাৰতীয় শিবিৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।