গাজাত ইজৰাইলৰ আক্ৰমণত ৪৮ ঘন্টাত ৯০ জনতকৈও অধিক লোকৰ মৃত্যু 

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্ক : গাজাত ইজৰাইলৰ আক্রমণত যোৱা ৪৮ ঘণ্টাত ৯০ জনতকৈও অধিক লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে শনিবাৰে এই কথা সদৰী কৰে। পণবন্দীসকলক হামাছৰ কবলৰ পৰা মুক্তি দিবলৈ হেঁচা প্রয়োগৰ বাবেই ইজৰাইলৰ সেনা বাহিনীয়ে এনে আক্রমণ চলাইছে বুলি ঠাৱৰ কৰা হৈছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত মহিলা আৰু শিশুকে ধৰি ১৫ জন লোক আছে। 

চিকিৎসালয় কর্তৃপক্ষৰ মতে, এক নির্দিষ্ট মানৱীয়তা মণ্ডলত আশ্রয় লৈ থকা লোকসকলৰ কিছুসংখ্যকো এই আক্ৰমণত নিহত হয়। দক্ষিণ প্ৰান্তৰ চহৰ খান ইউনিছত কমেও ১১জন লোকৰ মৃত্যু হয়। চিকিৎসালয়ৰ কর্মীসকলে কয় যে মৃত্যু হোৱা এই লোকসকলৰ বহুকেইজনেই মাওচি অঞ্চলত থকা শৰণাৰ্থী শিবিৰত আশ্রয় লৈ আছিল। ৰাফা চহৰত পৃথক আক্রমণত অন্য ৪জন লোকৰ মৃত্যু হয়। 

গাজাত আক্রমণ আৰু অধিক বৃদ্ধি কৰিবলৈ আৰু ষ্ট্ৰীপটোৰ ভিতৰত বৃহত্তৰ 'নিৰাপত্তা মণ্ডলসমূহ' দখল কৰিবলৈ ইজৰাইল প্রতিজ্ঞতাবদ্ধ হৈছে। প্রায় ৬ সপ্তাহ ধৰি ইজৰাইলে গাজালৈ খাদ্য আৰু অন্য সামগ্ৰীৰ প্ৰৱেশত বাধা দি আহিছে। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই ইজৰাইলক এনে সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। হামাছ উগ্রপন্থীয়ে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ দক্ষিণ অঞ্চলত আক্রমণ চলোৱাৰ পৰাই যুদ্ধ অব্যাহত আছে।

Share This