ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ প্ৰথমদিনা মধ্যাহ্ন ভোজনৰ আগেয়ে দুটা ৰেকৰ্ড প্রতিষ্ঠা কৰে শুভমন গীলে। ভাৰতীয় অধিনায়কগৰাকীয়ে দুই কিংবদন্তি ৱেষ্ট ইণ্ডিজৰ ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ৫৯ বছৰীয়া আৰু ভাৰতৰ সুনীল গাভাস্কাৰৰ ৪৫ বছৰীয়া ৰেকৰ্ড ম্লান কৰে। দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাটিত এটা টেষ্ট শৃংখলাত ভ্রমণকাৰী দলৰ অধিনায়ক হিচপে সর্বোচ্চ ৰানৰ অভিলেখ গড়ে গীলে।
ভাৰতীয় অধিনায়কগৰাকীয়ে তেনেদৰেই ছোবাৰ্ছৰ ৰেকৰ্ড ভাঙে। ১৯৬৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত ৭২২ ৰান কৰিছিল বেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে। গীলে চলিত শৃংখলাত প্রথম চাৰিখন টেষ্টত কৰিছিল ৭২২ ৰান। বৃহস্পতিবাৰে অন্তিম টেষ্টত ১ ৰান কৰাৰ লগে লগে গীলৰ ৰানৰ সংখ্যা ৭২৩লৈ বৃদ্ধি কৰে। গীলে তেনেদৰেই নতুন ৰেকৰ্ড গড়ে। ইফালে, গাভাস্কাৰৰো এটা ৰেকৰ্ড তেওঁ ভংগ কৰে। ভাৰতৰ অধিনায়ক হিচাপে এটা টেষ্ট শৃংখলাত সর্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড প্রতিষ্ঠা কৰে গীলে। ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭২২ ৰান কৰিছিল ভাৰতৰ তদানীন্তন অধিনায়ক গাভাস্কাৰে। গীলে আজি ১১ ৰান গোটোৱাৰ লগে লগে তেওঁৰ ৰানৰ সংখ্যা হয়গৈ ৭৩৩ আৰু ইয়াৰ ফলত নতুন ৰেকৰ্ডৰ গৰাকী হয়।
ইফালে ইংলেণ্ডৰ বিৰুদ্ধে বৰষুণে ব্যাঘাত জন্মোৱা পঞ্চম তথা অন্তিম টেষ্টখনত বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰত। মূল একাদশত ৪টাকৈ সালসলনি ঘটোৱা ভাৰতে ২২৪ ৰানতে কেউটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে। ইংলেণ্ডে বাতৰি লিখা পৰলৈ ১৯৬ ৰানত ৫টা উইকেট হেৰুৱায়। ভাৰতে মূল একাদশত চাৰিটা সালসলনি ঘটায়। সেই অনুসৰি ধ্ৰুৱ জোৰেল, কৰুণ নায়াৰ, আকাশ দীপ আৰু প্রসিদ্ধ কৃষ্ণক দলত অন্তর্ভুক্ত কৰা হয়। তেওঁলোকক স্থান এৰি দিয়ে ঋষভ পণ্ট, ছাৰ্দুল ঠাকুৰ, অনছুল কমবুজ আৰু যশপ্রীত বুমৰাহে।