ভাৰতত জার্মান চেঞ্চেলৰ

dainik janambhumi January 13, 2026

ডিজিটেল ডেস্ক: ভাৰত জার্মানিৰ বাবে পচন্দৰ সহযোগী দেশ। জার্মানিৰ চেঞ্চেলৰ ফ্ৰেডৰিক মর্জে কালি গান্ধী নগৰৰ মহাত্মা কনভেনশ্যন চেণ্টাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰাৰ সময়ত এনেদৰে কয়। দুয়োপক্ষৰ মাজত প্রতিনিধি পৰ্যায়ৰ কলি হোৱা আলোচনাত ভাৰত আৰু জার্মানিৰ সহযোগিতা আৰু অধিক বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে। এই বৈঠক দুয়োখন দেশৰ মাজৰ ২৫ বছৰ পুৰণি কৌশলগত সহযোগিতাৰ প্ৰগতিৰ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয়। 

 

বৈঠকত নেতা দুজনে বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি, শিক্ষা, দক্ষতা আৰু গতিশীলতাক লৈ আলোচনা কৰে। ইয়াৰ উপৰি, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিজ্ঞান, গৱেষণা, সেউজ বিকাশ আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰত সহযোগিতা অধিক ঘনিষ্ঠ কৰাত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ আগতে পুৱাৰ ভাগত মোদী আৰু মৰ্জ সাবৰমতি নদীমুখত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশগ্রহণ কৰে। তেওঁলোকক মহোৎসৱত পৰম্পৰাগত গুজৰাটী স্কার্ফেৰে আদৰণি জনোৱা হয়। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পীসকলে জার্মান নেতাজনক পৰম্পৰাগত নৃত্য আৰু লোক-সংগীতেৰে আদৰণি জনায়। দুয়োজন নেতাই চিলা উৰুৱাই উৎসৱৰ আনন্দ লয়। প্রধানমন্ত্রী মোদীয়ে ভাৰত-বসুধৈৱ কুটুম্বকম্ লিখা থকা চিলা উৰুওৱা দেখা পোৱা গৈছিল। নেতা দুজনে সাবৰমতি আশ্রমলৈ গৈ মহাত্মা গান্ধীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

 

প্রধানমন্ত্রী মোদীয়ে ভাৰত-জার্মানি মুখ্য কার্যবাহী বিষয়াৰ ফ'ৰামত দিয়া ভাষণত কয়, 'ভাৰত আৰু জার্মানিয়ে দুয়োখন দেশৰ সম্পৰ্কৰ প্লেটিনাম জয়ন্তী আৰু কৌশলগত সহযোগিতাৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে। ইয়াৰ অৰ্থ হ'ল আমাৰ সম্পৰ্ক প্লেটিনামৰ দৰে স্থায়িত্ব আৰু ৰূপৰ দৰে চমক দুয়োটাই আছে। ভাৰত আৰু জার্মানিৰ মাজৰ সহযোগিতা সহজ সহযোগিতা আৰু ই পাৰস্পৰিক মূল্যবোধ আৰু বিশ্বাসৰ ভেটিত গঠন হৈছে। আমাৰ কাষত প্ৰতিটো খণ্ডতে পৰস্পৰৰ লাভৰ সুযোগ আছে। আমাৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা জার্মানিৰ সৈতে উৎপাদন খণ্ডত সহযোগিতা, তথ্য আৰু প্রযুক্তি তথা সেৱা খণ্ডত দ্রুত গতিত বৃদ্ধি পোৱা সহযোগিতা, অট 'মটিভ, শক্তি, যান্ত্রিক আৰু ৰসায়ন খণ্ডত যুটীয়া উদ্যোগ তথা গৱেষণা সহযোগিতাই নতুন প্রযুক্তি সৃষ্টিত সহায় কৰিছে। এই শক্তিশালী সম্পর্কই আমাৰ বাণিজ্যক প্রত্যক্ষভাবে লাভান্বিত কৰিছে আৰু এতিয়া ই ৫০ লাখ ডলাৰৰ সীমা পাৰ কৰিছে।' প্রধানমন্ত্রীয়ে কয় যে তেওঁ মৰ্জৰ সৈতে ইউক্রেইন আৰু গাজাকে ধৰি বিভিন্ন বিশ্ব আৰু আঞ্চলিক বিষয়ক লৈ বিস্তাৰিতভাৱে আলোচনা কৰে। ভাৰতে সকলো সমস্যাৰ আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো বিচাৰে বুলি তেওঁ কয়। 

 

আনহাতে, ৰাষ্ট্ৰসংঘৰ সংস্কাৰত ভাৰত আৰু জার্মানি সহমত বুলি তেওঁ প্রকাশ কৰে। ভাৰতত জার্মানিৰ দুহেজাৰ কোম্পানীয়ে কাম কৰি থকা বুলিও তেওঁ প্রকাশ কৰে। আনহাতে, দুয়োখন দেশৰ বাণিজ্য চুক্তিকে ধৰি কেইবাখনো চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰ ভিতৰত দুয়োখন দেশৰ পেট্রলিমায় আৰু প্ৰাকৃতিক গেছ, প্রতিক্ষা ঔদ্যোগিক সহযোগিতা, পুনৰ ব্যৱহাৰযোগ্য শক্তি খণ্ড, দ্বিপাক্ষিক অর্থনীতি, গ্রীন এম 'নিয়াক লৈ টেকন 'লজী এগ্রিমেন্ট আৰু আয়ুৰ্বেদৰ সৈতে জড়িত খণ্ডত সহযোগিতা বৃদ্ধিক লৈ চুক্তি কৰা হয়। পাছত দুয়োজন নেতাই একেখন গাড়ীত উঠি যাত্ৰা কৰে। প্রধানমন্ত্রী মোদীয়ে মৰ্জৰ সৈতে কৰা যাত্ৰাৰ ফটো শ্বেয়াৰ কৰি কয় যে পাৰস্পৰিক মূল্যবোধ, ব্যাপক সহযোগিতা আৰু পৰস্পৰৰ মাজত বুজাপৰাৰ মাধ্যমেৰে ভাৰত আৰু জার্মানিৰ মিত্ৰতা অহৰহ বৃদ্ধি পাইছে।

Share This