দল ঘোষণা পিছুৱাই দিলে জার্মানিয়ে, বিশ্ব কাপৰ আগেয়ে তুংগত আঘাতৰ সমস্যা

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : বিশ্ব কাপ ফুটবলৰ আগেয়ে প্রতিখন দেশেই আঘাতৰ সমস্যাত ভুগিবলগীয়া হৈছে। প্রত্যেকেই নিজা নিজা সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছে। পিছে চাপ হ্রাস পোৱা নাই। সেই অনুসৰি ব্রাজিলৰ ডিফেণ্ডাৰ এডাৰ মিলিতাৱে প্রতিযোগিতাখন খেলিব নোৱাৰিব। অনিশ্চয়তাৰ সৃষ্টি হৈছে জিনেডাইন জিদানৰ পুত্ৰ লুকাক লৈও। ইয়াৰ বিপৰীতে জার্মানিয়ে দল ঘোষণাই পিছুৱাই দিবলগীয়া হৈছে। 

যোৱা সপ্তাহত স্পেনিছ লীগত আলভাদৰ বিৰুদ্ধে মেচখনত ৰিয়েল মাদ্রিদৰ মিলিতাৱে আঘাত পায়। বাওঁভৰিৰ হেমট্ৰিঙৰ আঘাতৰ অস্ত্রোপচাৰ কৰিবলগীয়া হোৱাৰ বাবে মিলিতাৱে বিশ্ব কাপৰ পূৰ্বে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ আশা ক্ষীণ। তেওঁ যে খেলিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত। ইফালে, জিদানৰ পুত্ৰ লুকাই স্পেইনৰ দ্বিতীয় ডিভিজনৰ গ্রেনাডাৰ হৈ খেলি আছে। গ'লৰক্ষক লুকাই দেওবাৰে আলমেৰিস্কাৰ বিৰুদ্ধে খেলখনত আঘাত পায়। জানিব পৰা মতে, তেওঁ যদি অস্ত্রোপ্ৰচাৰ কৰে তেন্তে বিশ্ব কাপত খেলাৰ সম্ভাৱনা নিঃশেষ হ'ব। 

আনহাতে, জার্মানিৰ প্রশিক্ষক জুলিয়ান নাগেলছমেনে ১২ মে'ত নিজৰ দল ঘোষণা কৰাৰ কথা আছিল। পিছে দল ঘোষণা এতিয়া ২১ মে'লৈ পিছুৱাই দিয়া হৈছে। লগতে সমগ্র দলটো গোট খোৱাৰ সময়ো ২৭ মে'লৈ পিছুৱাই দিবলগীয়া হৈছে। জার্মান কাপৰ ফাইনেল ২৩ মে'ত হ'ব। য'ত মুখামুখি হ'ব বেয়ার্ন মিউনিক আৰু ষ্টুটগাৰ্ট। জার্মানিৰ প্রশিক্ষকগৰাকীয়ে বেয়াৰ্নৰ ফুটবলাৰসকলক অতিৰিক্ত জিৰণি দিব বিচাৰিছে। কিছুদিন পূর্বে ছাচা গনাব্রিক বাদ দিয়া হৈছিল।

Share This