অসমৰ সৰ্বকালৰ সৰ্বশ্রেষ্ঠ ফুটবলাৰ, গিলবার্টছন চাংমাৰ দেহাৱসান

dainik janambhumi April 05, 2026

ডিজিটেল ডেস্ক: অসম ফুটবলৰ ৰাজপুত্ৰ, মহানায়ক, গ্লেমাৰ বয় গিলবার্টছন চাংমা আৰু নাই। দীর্ঘদিনধৰি অসুস্থতাত ভুগি থকা ৰাজ্যৰ সৰ্বকালৰ সৰ্বশ্রেষ্ঠ ফুটবলাৰজনে অজস্র গুণমুগ্ধক কন্দুৱাই কালি পুৱা ৭-৩০ বজাত কাহিলিপাৰাস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭২ বছৰ হৈছিল আৰু ইহসংসাৰত পত্নী বেনদাংলা চাংমা, দুগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনী, বহুসংখ্যক আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি যায়। তেওঁৰ মৃত্যুৱে ৰাজ্যত শোকৰ ছাঁ পেলাইছে। প্রণিধানযোগ্য যে 'মেন উইথ গ'ল্ডেন বুট' খ্যাত গিলবার্টছন চাংমা ২০২২ চনৰ পৰা অসুস্থতাত ভুগি আছিল। 

প্রণিধানযোগ্য যে ১৯৫৫ চনৰ ১২ এপ্রিলত গিলবার্টছন চাংমাই ডিব্ৰুগড়ত জন্মগ্রহণ কৰে। দশম শ্রেণীতে শিক্ষা সামৰি তেওঁ ১৯৭১ চনত আৰক্ষীত কনিষ্টবল হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল। ১৯৭২ চনত গিলবার্টে গোলাঘাট জিলাৰ পৰা অসম আৰক্ষীৰ ফুটবল দলত আত্মপ্রকাশ কৰে। সেই চনৰ পৰাই ১৯৮২ চনলৈ তেওঁ অসম আৰক্ষী ফুটবল দলৰ অধিনায়কৰ দায়িত্ব পালন কৰে। ১৯৭৩ৰ পৰা ১৯৮৭ চনলৈ তেওঁ আছিল অসম ফুটবলৰ মহানায়ক। সেই সময়ছোৱাত অসমত ফুটবলৰ জনপ্রিয়তা অভাৱনীয়ভাৱে শীর্ষস্থানলৈ গতি কৰিছিল। অসম পুলিচ ফুটবল দলৰ জনপ্রিয়তা আৰু সর্বোচ্চ সফলতাৰ আঁৰৰ মূল ব্যক্তিজনেই আছিল গিলবার্টছন চাংমা। তেওঁ ফুটবলৰ যোগেদি অসম আৰক্ষীক এক উচ্চপর্যায়লৈ লৈ গৈছিল। 

গিলবার্টছন চাংমাৰ নেতৃত্বতে অসম আৰক্ষীয়ে ৮বাৰ এ টি পি এ শ্বিল্ড, ৬বাৰ স্বাধীনতা কাপ, ৫বাৰ ডুগৰ শ্বিল্ড, এবাৰকৈ বৰদলৈ ট্রফী আৰু এন এম গুপ্ত টুফী জয় কৰিবলৈ সক্ষম হৈছিল। দুর্ধর্ষ ফৰৱাৰ্ড গিলবার্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠ সাতবাৰ সন্তোষ ট্রফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসমক প্রতিনিধিত্ব কৰিছিল। আনহাতে, ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ গুৰুদায়িত্ব বহন কৰিছিল। ১৯৭৫ চনত ৰাষ্ট্ৰীয় দলক প্রতিনিধিত্ব কৰি ইণ্ডোনেছিয়া, পেনাং আদিত খেলে। চাংমাই ১৯৭৬ চনত দক্ষিণ কোৰিয়াৰ বিশ্ববিদ্যালয় দলৰ বিৰুদ্ধে দর্শনীয় গ'ল কৰাৰ সুবাদত অসম পুলিচে ড্র কৰিবলৈ সক্ষম হৈছিল। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লৈছিল। 

অসম আৰক্ষীৰ দ্বিতীয় অধিনায়ক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে। চাংমা কেৱল এজন খেলুৱৈয়ে নাছিল, বৰঞ্চ তেওঁ আছিল উদীয়মান খেলুৱৈসকলৰ বাবে এজন পথপ্ৰদৰ্শক। অৱসৰৰ পাছতো তেওঁ বিভিন্ন ধৰণে ক্রীড়া ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিল আৰু নৱাগতসকলক উৎসাহ যোগাই আহিছিল। অৱসৰৰ পাছত তেওঁ কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ সমীপতে নিজা বাসভৱনত বসবাস কৰিছিল। এই মহান খেলুৱৈগৰাকীক ২০১৭ চনত গোলাঘাট জিলা ক্রীড়া সন্থাই প্ৰথমবাৰৰ বাবে বিশেষ বঁটাৰে সন্মানিত কৰিছিল। ২০১৯ চনত বৰপেটাৰ হাউলী ৰাস উদযাপন সমিতিয়েও বিশেষ সন্মান জনাইছিল। ২০২৩ চনত অসম চৰকাৰে 'অসম সৌৰভ' বঁটা প্ৰদান কৰিছিল গিলবার্টছন চাংমাক। 

মৃত্যুৰ পূৰ্বে তেওঁক স্মৃতিয়ে প্ৰতাৰণা কৰিছিল। ২০২২ চনৰ পৰা তেওঁ ডিমেনচিয়া ৰোগত আক্রান্ত হৈ অসুস্থ হৈ আছিল। অসুখীয়া পত্নী বেনদাংলা চাংমাই মৰম আৰু যতনেৰে তেওঁক আৱৰি ৰাখিবলৈ চেষ্টা কৰিছিল অন্তিম সময়লৈ। বহু চিকিৎসা চলিল। ডিব্রুগড়তো আছিলগৈ বহুদিন। জী-জোঁৱাই সকলোৱে তেওঁক সুস্থ কৰি তুলিবলৈ আপ্রাণ চেষ্টা চলাইছিল।

কালি মৃত্যুক আঁকোৱালি লোৱা প্রাক্তন আন্তর্জাতিক ফুটবলাৰজনৰ প্রয়াণৰ খবৰ পোৱাৰ লগে লগে অজস্র গুণমুগ্ধ, প্রাক্তন ফুটবলাৰে তেওঁৰ বাসগৃহত উপস্থিত হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগেও দেশ-বিদেশৰ অগণন গুণমুগ্ধই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি গুৱাহাটীৰ আদিংগিৰি পাহাৰত খ্ৰীষ্টান ধর্মীয় ৰীতিৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। অসম ফুটবলৰ এসময়ৰ 'গ্লেমাৰ বয়' গিলবার্টছন চাংমাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসম আদি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। 

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক শোকবার্তাত কয় যে যোৱা শতিকাৰ (৮০-৯০) দশকত অসম ফুটবলৰ এক চাঞ্চল্য হিচাপে আত্মপ্রকাশ কৰা গিলবার্টছন চাংমাৰ বিয়োগৰ খবৰত অতি মৰ্মাহত হ'লোঁ। দুভৰিৰ যাদুৰে ফুটপ্রেমীক মোহাচ্ছন্ন কৰা কিংবদন্তি খেলুৱৈগৰাকীৰ বাবেই অসম ফুটবল এসময়ত সমগ্র দেশত চর্চিত হৈছিল। অসম ফুটবলৰ ৰাজকুমাৰ হিচাপে অভিহিত 'অসম সৌৰভ' গিলবার্টছন চাংমাৰ বিয়োগ অসমৰ ক্রীড়া তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিশাল অৱদানক অসমবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।' 

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম ফুটবলৰ কিংবদন্তি গিলবার্টছন চাংমাৰ দেহাৱসানৰ বাতৰিত অত্যন্ত মর্মাহত হোৱা বুলি প্রকাশ কৰে। ৰাজ্যখনত ফুটবল খেলক জনপ্ৰিয় কৰি তোলাত অন্যতম ভূমিকা পালন কৰা খেলুৱৈগৰাকীৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি তেওঁ কয়। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্রাঞ্জল ডেকাই তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি অসমত ফুটবল খেলক জনপ্ৰিয় কৰি তোলাত অন্যতম ভূমিকা পালন কৰা খেলুৱৈগৰাকীৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি আখ্যা দিয়ে। সদৌ অসম ক্রীড়া পেঞ্চনাৰ সন্থাই গিলবার্টছন চাংমাৰ মৃত্যুত শোক প্রকাশ কৰি ফুটবল ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান শ্ৰদ্ধাৰে সোঁৱৰে। 

গুৱাহাটী টেনিছ সন্থাৰ কাৰ্যকাৰী সভাপতি ড° মাধুর্য হাজৰিকাই এক বিবৃতিযোগে গিলবার্টছন চাংমাৰ মৃত্যুত গুৱাহাটী টেনিছ সন্থাৰ সকলো সদস্যৰ হৈ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ফুটবল ক্ষেত্রখনলৈ তেওঁৰ অৱদানৰ বিষয়ে শ্রদ্ধাৰে সোঁৱৰে। ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ মুখ্য উপদেষ্টা উদয় বৰগোহাঁই, সভাপতি পুলিন সাহা আৰু সম্পাদক পবিত্র গগৈয়ে শোকসন্তপ্ত পৰিয়ালবর্গ তথা চাংমাৰ অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Share This