ডিজিটেল ডেস্ক: ভাৰত আৰু শ্রীলংকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্ব কাপৰ বাবে আজি ভাৰতীয় দলটো ঘোষণা কৰা হয়। ইয়াত অনুষ্ঠিত এখন সংবাদমেলত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বি চি চি আই) সচিব দেৱজিৎ শইকীয়াই সূর্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটো ঘোষণা কৰে। সংবাদমেলত ভাৰতীয় দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱেও অংশগ্রহণ কৰে।
বিশ্ব কাপৰ বাবে দল বাছনি কৰাৰ সময়ত নির্বাচক কমিটীয়ে খেলুৱৈৰ ফৰ্মত অধিক গুৰুত্ব আৰোপ কৰে। বর্তমান ফৰ্মত নথকা টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলক টি-২০ বিশ্ব কাপৰ বাবে ঘোষণা কৰা ১৫জনীয়া দলটোৰ পৰা বাদ দিয়া হয়। গীলক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্তই আশ্চৰ্যৰো সৃষ্টি কৰে। ইয়াৰ লগতে জিতেশ শৰ্মাকো দলৰ পৰা বাদ দিয়া হৈছে। আনহাতে, ৰিংকু সিং আৰু ঈশান কিষাণৰ দললৈ প্রত্যাবর্তন ঘটে। ইফালে, অলৰাউণ্ডাৰ অক্ষৰ পেটেলক দলৰ সহঃ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। তেওঁ আগতেও ভাৰতীয় দলৰ সহঃ অধিনায়কৰ দায়িত্ব পালন কৰিছে।
উল্লেখযোগ্য যে পাৱাৰ প্লে'ত গীলৰ ৰান ৰেটক লৈ সৃষ্টি হোৱা উদ্বেগৰ সৃষ্টি কৰিছিল। তেওঁৰ উপযুক্ত বিকল্প থকাৰ প্ৰতি লক্ষ্য ৰাখি গীলক দলৰ পৰা বাদ দিয়া হয়। আনহাতে, সদ্য সমাপ্ত ছৈয়দ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত দেখুওৱা প্রদর্শনতো দল বাছনিৰ সময়ত গুৰুত্ব দিয়া পৰিলক্ষিত হয় কালি দল ঘোষণাৰ সময়ত। সেই কথা স্পষ্ট হৈ পৰে ঈশান কিষাণক দললৈ পুনৰ ঘুৰাই অনাটোৱে। নির্বাচকসকলে শীর্ষক্রমত বাওঁহতীয়া আৰু সোঁহতীয় বেটাৰৰ সংমিশ্রণ ঘটোৱাৰ লগতে আক্রমণাত্মক উইকেটকীপাৰজনক অগ্রাধিকাৰ দিয়া পৰিলক্ষিত হয়। ঈশান আঘাতজনিত কাৰণত বছৰটোৰ অধিকাংশ সময় দলৰ পৰা বাহিৰত আছিল। তেওঁ ছৈয়দ মুস্তাক আলী ট্ৰফীত সুন্দৰ প্ৰদৰ্শন কৰাৰ লগতে ফাইনেলত শতৰান কৰি ঝাৰখণ্ডক চেম্পিয়ন কৰাত সহায় কৰে।
ইফালে, চাপৰ মাজতো আক্রমণাত্মক বেটিং কৰাৰ ক্ষমতা থকা তথা শেষৰ অ'ভাৰকেইটাত বিস্ফোৰক বেটিং কৰাৰ দক্ষতা থকা ৰিংকু সিঙক পুনৰ দলত স্থান দিয়া হয় দলৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰতি লক্ষ্য ৰাখি। তেওঁক শিৱম ডুবেই সহযোগ কৰিব। তেওঁলোকৰ স্পীনাৰৰ বিৰুদ্ধে আক্রমণাত্মক বেটিং দলৰ বাবে গুৰুত্বপূর্ণ হৈ পৰে। ইয়াৰ লগতে ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰে ভাৰতীয় বেটিং লাইনআপক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, দল বাছনিৰ সময়ত বলিং বিভাগত বিশেষ সালসলনি কৰা হোৱা নাই। ভাৰতৰ পেচ আক্ৰমণত যশপ্রীত বুমৰাহে নেতৃত্ব দিব আৰু তেওঁক সহযোগ কৰিব অর্শদীপ সিং আৰু হার্দিক পাণ্ডিয়াই। লগত থাকিব হর্ষিত ৰাণা। আনহাতে, স্পীন আক্ৰমণৰ দায়িত্বত থাকিব কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী। লগত অক্ষৰ আছেই। দলটোৰ নেতৃত্ব দিব সূর্যকুমাৰে। ভাৰতীয় দলটো: সূর্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (সহঃ অধিনায়ক), কুলদীপ যাদৱ, যশপ্রীত বুমৰাহ, অর্শদীপ সিং, হৰ্ষিত ৰাণা, সঞ্জু ছেমছন (উইকেট কীপাৰ), ৱাশ্বিংটন সুন্দৰ, বৰণ চক্ৰৱৰ্তী, ঈশান কিষাণ (উইকেট কীপাৰ), ৰিংকু সিং।