ডিজিটেল ডেস্ক : ভাৰতৰ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক শুভমন গীলক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বিচি চি আই) বার্ষিক পুৰস্কাৰ সমাৰোহত বর্ষ শ্রেষ্ঠ ক্রিকেটাৰেৰে সন্মানিত কৰাটো নিশ্চিত। পি টি আয়ে প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে।
উল্লেখযোগ্য যে বি চি চি আইৰ বার্ষিক ক্রীড়া সমাৰোহ ১৫ মাৰ্চত ইয়াত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গীলক টি-২০ বিশ্ব কাপৰ ভাৰতীয় দলত স্থান দিয়া নাছিল। ইফালে, ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা পূৰ্বৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ক কর্নেল চি কে নাইডু জীৱনজোৰা সাফল্যৰ বঁটাৰে সন্মানিত কৰা হ'ব। আয়ুষ মহাত্রেক লালা অমৰনাথ বঁটাৰে সন্মানিত কৰা হ'ব।
মহাত্ৰেৰ নেতৃত্বত ভাৰতীয় ১৯ বছৰ অনূধৰ্বৰ দলটোৱে চলিত বছৰৰ আৰম্ভণিতে ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপ জয় কৰিছিল। ইফালে, ভাৰতীয় মহিলা দলটোৰ প্ৰাক্তন অধিনায়িকা মিতালী ৰাজক জীৱনজোৰা সাফল্যৰ বঁটাৰে সন্মানিত কৰা হ'ব। ঘৰুৱা ক্রিকেটত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুম্বাই ক্রিকেট সন্থাক দেশৰ সর্বশ্রেষ্ঠ ক্রিকেট সন্থাৰ বঁটাৰে সন্মানিত কৰা হ'ব বুলি জনা গৈছে।