গুৱাহাটী টেষ্টলৈ অনিশ্চিত গীল

dainik janambhumi November 19, 2025

ডিজিটেল ডেস্ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৱাহাটীত ২২ নৱেম্বৰত আৰম্ভ হ'ব লগীয়া দ্বিতীয় তথা অন্তিম টেষ্টত ভাৰতীয় অধিনায়ক শুভমন গীলৰ অংশগ্রহণত অনিশ্চয়তাই দেখা দিছে। চলিত দুখনীয়া শৃংখলাৰ প্ৰথম টেষ্টত ডিঙিত পোৱা আঘাতৰ বাবে মাথোঁ তিনিটা বল খেলিছিল গীলে। ভাৰতৰ প্রথম ইনিংছত কেৱল ৪ ৰান কৰি অৱসৰ লোৱা গীলক পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল। চিকিৎসালয় এৰিলেও ফিটনেছৰ সমস্যাৰ বাবে তেওঁ বর্ষাপাৰা ষ্টেডিয়ামত খেলাৰ সম্ভাৱনা ক্ষীণ। 

গীল গুৱাহাটীলৈ অহাৰ সম্ভাৱনা কম। অৱশ্যে, সময়ত সেই সম্ভাৱনা সলনি হ'ব পাৰে। বুধবাৰে ভাৰতীয় দলটো গুৱাহাটীত উপস্থিত হোৱাৰ কথা। প্রথম টেষ্টত ৩০ ৰানত পৰাজিত হোৱাৰ পাছত গীল বাদ পৰিলে গুৰুত্বপূৰ্ণ ৪ নম্বৰ স্থানত ভাৰতে এগৰাকী মানবিশিষ্ট বেটাৰক দলভুক্ত কৰিব লাগিব। 

আনহাতে, ৰাষ্ট্ৰীয় নির্বাচকে সোঁহতীয়া অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীক কলকাতালৈ মাতি পঠিয়ায়। সোমবাৰে নিশা নীতিশে হোটেলত দলৰ সৈতে যোগ দিয়ে। নীতিশে বুধবাৰে দলৰ সৈতে গুৱাহাটীলৈ উৰা মাৰিব।

Share This