বিশ্ব কাপ টি-২০ দলৰ পৰা বাদ পৰাৰ কথা আগতীয়াকৈ গমেই নাপালে টেষ্ট-এদিনীয়াৰ অধিনায়কে, গীলক অন্ধকাৰত ৰাখিলে গম্ভীৰ-সূৰ্যকুমাৰে

dainik janambhumi December 22, 2025

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই শনিবাৰে টি-২০ বিশ্ব কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলৰ নাম এবাৰো উল্লেখ কৰা নাছিল। 

শনিবাৰে ঘোষণা কৰা দলটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে গীলক এইবাৰ ভাৰত আৰু শ্রীলংকাই অহা বছৰ আয়োজন কৰা টি-২০ বিশ্ব কাপত দেখা পোৱা নাযাব। গীলক বিশ্ব কাপৰ টি-২০ দলৰ পৰা বাদ দিয়াৰ পাছত কেইবাটাও চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। গীল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলৰ সহঃঅধিনায়ক আছিল। কিন্তু দলটোৰ অধিনায়কজনেই শেষ মুহূর্তলৈকে জানিব পৰা নাছিল যে তেওঁক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এন ডি টি ভিয়ে বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতি দি প্রকাশ কৰে যে মুখ্য নির্বাচক অজিত আগাৰকাৰ, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে গীলক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ প্রসংগত কোনো কথাই আগতীয়াকৈ জনোৱা নাছিল। 

গীলৰ শেহতীয়া প্রদর্শন মুঠেও সন্তোষজনক নহয়, কিন্তু অধিনায়ক সূর্যকুমাৰৰ প্ৰদৰ্শনো ভাল নহয়। তেওঁক আন্তঃ বিশ্ব কাপলৈকে তেওঁক অধিনায়ক পদত অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বি চি চি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে, গীলে ভৰিৰ আঙুলিত আঘাত পোৱাৰ পাছৰে পৰা তেওঁৰ বিকল্পৰ সন্ধান আৰম্ভ কৰে গম্ভীৰ আৰু সূর্যকুমাৰকে ধৰি টীম মেনেজমেণ্ট। ইয়াৰ অৰ্থ হ'ল গীলক নজনোৱাকৈয়ে তেওঁক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছিল।

উল্লেখযোগ্য যে গীলে খেলিব নোৱাৰাকৈ সিমান গুৰুতৰ আঘাত পোৱা নাছিল। তেওঁ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আহমেদাবাদত হৈ যোৱা পঞ্চমখন টি-২০ত খেলাৰ আগ্রহো প্রকাশ কৰিছিল। আনহাতে, শনিবাৰে দল ঘোষণা কৰাৰ সময়ত সংবাদমেলত মুখ্য নির্বাচক আগাৰকাৰে গীলক বাদ দিয়াৰ প্ৰসংগত সাংবাদিকে সোধা প্রশ্নৰ স্পষ্ট উত্তৰ দিব পৰা নাছিল। মনকৰিবলগীয়া যে লক্ষ্ণৌত চতুর্থ টি-২০ মেচখনৰ আগতে গীলে ভৰিৰ আঙুলিত আঘাত পাইছিল। চতুর্থ মেচখনত ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছিল। গীল সেই সময়লৈকে দলৰ সহঃ অধিনায়ক হৈ আছিল, কিন্তু ২৪ ঘণ্টাতকৈ কম সময়ৰ ভিতৰত তেওঁক দলৰ পৰা বাদ দিয়ে। এই সিদ্ধান্ত স্বয়ং গীলৰ বাবে আশ্চর্যজনক আছিল। ডাঙৰ কথাটো হ'ল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অন্তিম মেচলৈকে গীলে দলৰ লগতে আছিল। তেওঁ আহমেদাবাদত খেলুৱৈক পানী যোগান ধৰাৰ বাবে খেলপথাৰলৈও গৈছিল। কিন্তু তেওঁক এই বিষয়ে অধিনায়ক সূর্যকুমাৰ আৰু মুখ্য প্রশিক্ষক গম্ভীৰে কোনো কথা জনোৱা নাছিল। গীলক এই বিষয়ে অৱগত কৰে কালি দুপৰীয়া দল ঘোষণাৰ কেই
মিনিটমানৰ আগতে মুখ্য নির্বাচক আগাৰকাৰে। 

এনে অৱস্থাত তেওঁক বঞ্চনা কৰাৰো অভিযোগ উঠিছে। গম্ভীৰ, আগাৰকাৰ আৰু সূর্যকুমাৰে এই সিদ্ধান্তৰ বিষয়ে গীলক আন্ধাৰত ৰখাক লৈ ভালেমান প্রশ্নৰ উদয় হৈছে। এই সিদ্ধান্তই গীল আৰু গম্ভীৰৰ মাজৰ সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।

Share This