মন্থৰ বলিঙৰ বাবে শাস্তিৰ সন্মুখীন হʼল গীল

dainik janambhumi April 21, 2025

ডিজিটেল ডেস্কঃ আই পি এলত মন্থৰ বলিঙৰ বাবে শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আন এগৰাকী অধিনায়ক। ঘৰুৱা ষ্টেডিয়ামত দিল্লী কেপিটেলছক শনিবাৰৰ শেহতীয়া খেলত গুজৰাট টাইটানছে হৰুৱালেও জৰিমনাৰ সন্মুখীন হয় দলৰ অধিনায়ক শুভমন গীল।

দিল্লীৰ বিৰুদ্ধে প্রথমে বলিং কৰিছিল গুজৰাটে। নিৰ্ধাৰিত সময়তকৈ অধিক পলমকৈ শেষ হৈছিল ইনিংছ। সেয়ে শাস্তিৰ পৰা ৰেহাই পাবলৈ অন্তিম অ'ভাৰত স্পীনাৰৰ হাতত বল তুলি দিছিল অধিনায়ক গীলে। তথাপি শেষ ৰক্ষা নহ'ল।

আই পি এলৰ নিয়মৰ ২.২২ ধাৰা ভংগ কৰাৰ বাবে শাক্তিৰ সন্মুখীন হয় গীল আৰু তেওঁৰ বিৰুদ্ধে ১২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হয়। গীল ষষ্ঠগৰাকী অধিনায়ক, যিয়ে এইবাৰৰ আই পি এলত শাক্তিৰ সন্মুখীন হৈছে। গীলৰ আগেয়ে ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ আৰু সঞ্জু ছেমছন, মুম্বাই ইণ্ডিয়ানছৰ হার্দিক পাণ্ডিয়া, দিল্লী কেপিটেলছৰ অক্ষৰ পেটেল আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ঋষভ পণ্টক মন্থৰ বলিঙৰ বাবে জৰিমনা আৰোপ কৰা হয়।

Share This