এদিনীয়াৰ পৰা মেক্সৱেলৰ অৱসৰ ঘোষণা

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে সোমবাৰে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ভাৰত আৰু শ্রীলংকাত অহা বছৰত হ'ব লগীয়া টি-২০ বিশ্ব কাপত দৃষ্টি নিবদ্ধ ৰখাৰ বাবেই এই সিদ্ধান্ত লয় মেক্সৱেলে। আক্ৰমণাত্মক বেটাৰ আৰু অনিয়মীয়া অফ-স্পীন বলাৰ মেক্সৱেলে অষ্ট্ৰেলিয়াৰ হৈ ১৪৯খন এদিনীয়া খেলিছিল। 

২০২৩ চনৰ বিশ্ব কাপত আফগানিস্তানৰ বিৰুদ্ধে ৯১ ৰানত ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ ক্ষণ গণিছিল অষ্ট্ৰেলিয়াই। সেই বিপৰ্যয়ৰ সময়তে মেক্সৱেলে মাথোঁ ১২৮টা বলত ২০১ ৰান গোটাই দললৈ স্মৰণীয় জয় কঢ়িয়াই আনিছিল। মেক্সৱেলৰ সেই ইনিংছটোক সর্বকালৰ অন্যতম শ্রেষ্ঠ ইনিংছ বুলি বহুতেই ক'ব খোজে। আহমেদাবাদত ভাৰতক হৰুৱাই সেইবাৰ অষ্ট্ৰেলিয়াই বিশ্ব কাপৰ খিতাপ জিকিছিল। এদিনীয়াত তেওঁ ৪টা শতৰান আৰু ২৩টা অর্ধ-শতকীয় ইনিংছৰ লগতে দখল কৰে ৭৭টা উইকেট।

Share This