ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা ৰিপ'ৰ্ট এছ আই টিয়ে লাভ কৰিছে। আনহাতে, এছ আই টিৰ দলে ছিংগাপুৰলৈ গৈ তদন্ত কৰাত কিছু আইনী বাধা থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ সহযোগত যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে ছিংগাপুৰৰ য়টত জুবিন গাৰ্গৰ অন্তিম সময়ত উপস্থিত থকা ১১জন প্ৰৱাসী অসমীয়াই তদন্তৰ বাবে এছ আই টিৰ সন্মুখত হাজিৰ হ'বই লাগিব। কালি এই কথা ঘোষণা কৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। এছ আই টি গঠন কৰাৰ পাছত কালি প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰি আই পি এছ বিষয়াজনে কয় যে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক লেবৰেটৰীৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ বিভিন্ন অংগৰ ভিছেৰা ৰিপ'ৰ্ট চি আই ডিয়ে লাভ কৰে। এই প্রতিবেদন ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু শীঘ্ৰে মুখ্যমন্ত্ৰীৰ হাততো অর্পণ কৰা হ'ব বুলি তেওঁ প্রকাশ কৰে। তেওঁ কয় যে জি এম চি এইচত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত শৰীৰৰ বিভিন্ন অংগৰ নমুনাও সংগ্ৰহ কৰা হৈছিল। পাছত এই নমুনাসমূহ ৰাসায়নিক পৰীক্ষাৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। এই প্রতিবেদনত জুবিন গাৰ্গক বিহ দি হত্যা কৰা হৈছিল নেকি বা অন্য কিবা অস্বাভাৱিক কাৰণত মৃত্যু হৈছিল নেকি সেয়া স্পষ্ট হ'ব। সেই প্রতিবেদন শুকুৰবাৰে চি আই ডিয়ে লাভ কৰা বুলি তেওঁ প্রকাশ কৰে।
তেওঁ লগতে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বিচাৰি এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই সমিতিয়ে ভিছেৰা ৰিপ'ৰ্ট পুংখানুপুংখভাৱে পৰীক্ষা কৰিব। এই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্রতিবেদন প্ৰস্তুত কৰি দাখিল কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। চিকিৎসকৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্রতিবেদন লাভ কৰাৰ পাছতে তদন্তকাৰী এছ আই টিয়ে এটা প্রতিলিপি আদালতত দাখিল কৰিব আৰু আন এটা প্রতিলিপি পৰিয়ালবৰ্গৰ হাতত অর্পণ কৰিব বুলি তেওঁ কয়। তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ উদ্বেগ নোহোৱা কৰিবলৈ প্ৰতিবেদনৰ কিছু অংশ সাংবাদিক আৰু জনপ্রতিনিধিসকলৰ বাবে ৰাজহুৱা কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ইফালে অসম আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ জুবিন গাৰ্গৰ তদন্ত কৰিব নোৱাৰিব বুলি উল্লেখ কৰি এছ আই টিৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাই কয় যে বিদেশী ৰাষ্ট্ৰলৈ গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে। সেয়ে পাৰস্পৰিক আইনী সহযোগিতা চুক্তিৰ (Mutual Legal Assistance Treaty) অধীনত ছিংগাপুৰলৈ ভাৰত চৰকাৰৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে ছিংগাপুৰৰ এটর্নি জেনেৰেললৈ ইতিমধ্যে এই সম্পর্কত 'মিউচুৱেল লিগেল ৰিকুৱেষ্ট'যোগে তদন্তৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।
তেওঁ কয় যে ঘটনাৰ সময়ত জুবিন গাৰ্গৰ সৈতে য়টত একেলগে থকা ছিংগাপুৰৰ প্ৰৱাসী ভাৰতীয়সকলে ভিডিঅ' কনফাৰেন্সযোগে সহযোগিতা আগবঢ়ালে নহ'ব। নাম থকা প্রতিজন প্রৱাসী অসমীয়াই তদন্তৰ খাতিৰত অসমলৈ আহিব লাগিব। তেওঁ কয় যে ঘটনা সংঘটিত হোৱা ১৯ ছেপ্টেম্বৰত য়টখনত মুঠ ১১জন প্ৰৱাসী অসমীয়া আছিল। তেওঁলোকলৈ এছ আই টিয়ে পঠোৱা প্ৰথমখন চমনৰ সময় উকলি গৈছে যদিও এছ আই টিয়ে নতুনকৈ চমন প্ৰেৰণ কৰিছে। ঘটনাৰ দিনা ছিংগাপুৰৰ য়টত উপস্থিত থকা ১১জন প্ৰৱাসী অসমীয়াৰ নাম পোৱাৰ কথা সদৰী কৰি গুপ্তাই তাৰে মাত্ৰ এজন আহি এইপর্যন্ত এছ আই টিৰ সন্মুখত হাজিৰ হৈছে। তেওঁৰ ভাষ্য গ্রহণ কৰা বুলিও তেওঁ কয়। গুপ্তাই লগতে কয় যে তেওঁলোক তদন্তৰ বাবে অসমলৈ আহিবই লাগিব। হয়তো ছিংগাপুৰতো তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলি আছে, যাৰ বাবে তেওঁলোক অহাত পলম হৈছে। তেওঁলোকে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এছ আই টিৰ সন্মুখীন হোৱাৰ প্ৰস্তাৱ দিয়াৰ কথাও প্ৰকাশ কৰি তেওঁ তেনেদৰে নহ'ব বুলি উল্লেখ কৰি সকলোৱে সোঁশৰীৰে অসমলৈ আহি তদন্তত সহযোগ কৰিব লাগিব বুলি কয়। অনতিপলমে তেওঁলোক ইয়ালৈ আহি তদন্তত সহযোগ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।