ডিজিটেল ডেস্ক : উত্তৰ গোৱাৰ এখন গাঁৱত মন্দিৰৰ এটা অনুষ্ঠানৰ সময়ত শনিবাৰে পুৱতি নিশা পদপিষ্ট হৈ ৭জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৭০জনতকৈ অধিক লোক আহত হয়।আহতসকলৰ ভিতৰত ২০জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। গোৱাৰ ৰাজধানী পানাজীৰ পৰা ৪০ কিল'মিটাৰ আঁতৰৰ শিৰগাঁৱৰ শ্ৰী লেইৰাই দেৱী মন্দিৰত পুৱতি নিশা ৩ মান বজাত এই অঘটনটো সংঘটিত হয়।
মন্দিৰলৈ দর্শনার্থী গৈ থকাৰ সময়ত এখন দোকানৰ সন্মুখত বৈদ্যুতিক তাঁৰত লগাত কিছু লোক মটিত পৰি যায়। সেই সময়তে আতংকত হোৱা দৌৰা-দৌৰি, হেঁচা-ঠেলাত পদপিষ্ট হৈ ৭জন লোকৰ মৃত্যু হয়। মন্দিৰ সমিতিৰ মতে, উক্ত ধর্মীয় অনুষ্ঠানৰ বাবে গোৱাৰ উপৰি মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা ৫০-৭০ হাজাৰ লোকৰ সমাৱেশ হৈছিল।
এই ঘটনাত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আদিয়ে দুখ প্রকাশ কৰে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্রমোদ সাৱন্তেও সামাজিক মাধ্যমত এই ঘটনাৰ বাবে দুখ প্রকাশ কৰাৰ উপৰি ঘটনাস্থলীলৈ যায় তথা বিভিন্ন চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।