এজাক বৰষুণতে কদর্য হৈ পৰে গোগামুখ, যাতায়াতত দুর্ভোগ, পথ-নলা নিৰ্মাণৰ দাবী

dainik janambhumi September 15, 2025

ডিজিটেল ডেস্ক : ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিত এজাক বৰষুণতে বোকা-পানীয়ে উপচি এক কদর্যময় নগৰলৈ পৰ্যৱসিত হয় গোগামুখ। নগৰখনৰ বাট-পথৰ সমস্যাই ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাইছে। গোগামুখ নগৰ নিৰ্বাচনৰ সময়ত আধুনিক ৰূপত সজাই-পৰাই তোলাৰ সপোন ১৩ পিঠিলৈ দেখুৱাইছিল। কিন্তু নির্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত ৰাইজৰ আশা-আকাংক্ষাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। সততে দম্ভালি মাৰি ফুৰা একাংশ নেতা-পালি নেতাই ভাষণৰ ফুলজাৰি মৰাৰ উপৰি বিজেপিৰ নেতৃত্বত উন্নয়নৰ গতি ত্বৰান্বিত হোৱা বুলি ক'লেও বাস্তৱত বিপৰীত ছবিহে পৰিলক্ষিত হৈছে।

 ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ প্ৰভাৱশালী শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিত বাট-পথৰ বোকা-পানীৰ বাবে ৰাইজে দুর্ভোগ ভুগিব লগা হৈছে। উত্তৰ অসমৰ ভিতৰত বাণিজ্যিক চহৰ গোগামুখ। সামান্য এজাক বৰষুণ দিলেই গোগামুখ, ঢকুৱাখনা, মাজুলীলৈ যোৱা ৰাজ্যিক গড়কাপ্টানী পথটো বোকা-পানীৰ লগতে পথটোত প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ লগতে পথচাৰীয়ে দুর্ভোগ ভুগিব লগা হৈছে। গোগামুখ নগৰখন সম্প্ৰতি বোকা-পানীৰে উপচি এক কদর্যময় নগৰীলৈ পর্যবসিত হোৱা পৰিলক্ষিত হৈছে। গোগামুখ নগৰত নলা-নর্দমা নিৰ্মাণ নকৰাৰ ফলতেই বোকা-পানীৰে উপচি এক কদর্যময় পৰিৱেশৰ সৃষ্টি হৈছে। 

নিৰ্বাচনৰ সময়ত সমষ্টিবাসীক গোগামুখ নগৰখন সজাই-পৰাই তোলাৰ লগতে নলা- নর্দমা নিৰ্মাণৰ আশ্বাস আৰু প্ৰতিশ্রুতি প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত কোনো ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্রকাশ কৰিছে। আনহাতে গোগামুখ নগৰৰ মাজেৰে যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে গোগামুখ, ঢকুৱাখনা আৰু মাজুলীলৈ যোৱা ৰাজ্যিক গড়কাপ্টানী পথটোত প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত মৰণফান্দত পৰিণত হৈছে। অতি শীঘ্ৰেই গোগামুখ নগৰৰ বাট-পথ উন্নয়ন তথা নলা নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে।

Share This