ডিজিটেল ডেস্কঃ দেশৰ বজাৰত সোণ আৰু ৰূপৰ দামে নিতৌ নতুন অভিলেখ গঢ়িছে। সোমবাৰে সোণ আৰু ৰূপৰ দামে সর্বকালৰ অভিলেখ গড়ে। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, সোমবাৰে ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ২,৬৩০ টকা বৃদ্ধি পাই ১,২৪,১৫৫ টকা হয়গৈ। ইয়াৰ আগতে যোৱা শুকুৰবাৰে প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ১,২১,৫২৫ টকা।
ইফালে ৰূপৰ দামো কালি সর্বকালৰ সৰ্বোচ্চ হয়গৈ। কালি প্রতি কেজি সোণৰ দাম ১০,৮২৫ টকা বৃদ্ধি পাই ১,৭৫,৩২৫ টকা হয়গৈ। চলিত বছৰত প্ৰতি দহ গ্রাম সোণৰ দাম এতিয়ালৈকে ৪৭,৯৯৩ টকা আৰু প্রতি কেজি ৰূপৰ দাম ৮৯,৩০৮ টকা বৃদ্ধি পালে।
উল্লেখযোগ্য যে সোণৰ দাম চলিত বছৰত প্ৰতি দহ গ্রামত ডেৰ লাখ টকা অতিক্রম কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দীপাৱলী আৰু ধন তেৰসৰ আগে আগে দেশৰ বজাৰত সোণ আৰু ৰূপৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত অনাগত দিন কেইটাত দুয়োবিধ ধাতুৰে দাম অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱা আৰু বিশ্বৰ বিভিন্ন কেন্দ্ৰীয় বেংকে সোণ ক্ৰয় কৰাত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱো সোণৰ দামত পৰিছে।