ভয়ংকৰ বিপদ! নদীৰ পাৰত শাহুৱেকৰ চিতা সাজি থাকোঁতে ঘঁৰিয়ালে পানীলৈ টানি লৈ গ’ল জোঁৱায়েকক

Rashmi May 21, 2026

ডিজিটেল ডেস্ক: শাহুৱেকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আহি নিজেই এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হ’ল এজন যুৱক। নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এটা ঘঁৰিয়ালে আক্ৰমণ কৰি যুৱকজনক গভীৰ পানীলৈ টানি লৈ যায়। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে গোণ্ডা জিলাৰ সৰযু নদীৰ পাৰত। নিখোঁজ যুৱকজন গ্ৰেটাৰ নয়দাৰ বাসিন্দা ৩০ বছৰীয়া দীপক শৰ্মা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, দীপক শৰ্মাৰ শাহুৱেক উৰ্মিলা দেৱীৰ মৃত্যুৰ পিছত, বুধবাৰে বিয়লি তেওঁ পত্নী আৰু কন্যাক লগত লৈ শহুৰৰ গৃহলৈ আহিছিল। সৰযু নদীৰ পাৰত শাহুৱেকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দীপকে নিজেই আগবাঢ়ি গৈ গাঁত খান্দি আৰু খৰি কাটি চিতাখন প্ৰস্তুত কৰি আছিল।

প্ৰত্যক্ষদৰ্শী ৰাজেশ শুক্লাই জানিবলৈ দিয়া মতে, দীপক ঘৰৰ জোঁৱাই হোৱাৰ বাবে উপস্থিত সকলোৱে তেওঁক শ্মশানৰ কাম কৰিবলৈ বাৰে বাৰে বাৰণ কৰিছিল। কিন্তু কাৰো কথা নুশুনি তেওঁ কামত লাগি গৈছিল। চিতা সজাৰ কাম শেষ কৰি দীপকে হাত ধুবলৈ বুলি সৰযু নদীত নমাৰ লগে লগেই ওচৰতে খাপ পিটি থকা এটা ডাঙৰ ঘঁৰিয়ালে তেওঁক আক্ৰমণ কৰে। ঘঁৰিয়ালটোৱে দীপকৰ মূৰ আৰু চোলাত কামুৰি ধৰি মুহূৰ্তৰ ভিতৰতে গভীৰ পানীলৈ টানি লৈ যায়। নদীৰ পাৰত থকা মানুহে চিঞৰ-বাখৰ কৰি কান্দিবলৈ ধৰে যদিও দীপকক বচাবলৈ কোনো সুযোগেই পোৱা নগ’ল।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় উমৰি বেগমগঞ্জ আৰক্ষী থানাৰ মুৰব্বী চন্দন কুমাৰ, এছ ডি এম আৰু ৰাজহ বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় নাৱৰীয়া আৰু গাঁৱৰ ৰাইজৰ সহযোগত নদীত ব্যাপক তালাচী অভিযান চলোৱা হয়। কিন্তু বুধবাৰে গভীৰ সন্ধিয়ালৈকে চেষ্টা চলায়ো দীপকৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নগ’ল। অৱশেষত আন্ধাৰ হৈ অহাৰ বাবে সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয়।

জিলা দুৰ্যোগ বিশেষজ্ঞ ৰাজেশ শ্ৰীবাস্তৱে জনোৱা মতে, নিখোঁজ যুৱকজনক উদ্ধাৰ কৰিবলৈ লক্ষ্ণৌৰ পৰা এছ ডি আৰ এফ (SDRF)-ৰ এটা বিশেষ দলক জৰুৰীভাৱে মাতি পঠোৱা হৈছে। বৰ্তমান সৰযু নদীৰ পাৰত নিখোঁজ দীপকৰ পৰিয়াল আৰু শ শ গাঁওবাসীয়ে ভিৰ কৰিছে। সকলোৱে অধীৰ আগ্ৰহেৰে SDRF দলটোৰ আগমনলৈ অপেক্ষা কৰিছে, যাতে অত্যাধুনিক সঁজুলিবোৰৰ সহায়ত ক্ষিপ্ৰতাৰে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা যায়।

এই ঘটনাত পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে।




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This