জাতিটো এতিয়া গভীৰ চিন্তাৰ পৰা আঁতৰি গৈছে: অনুৰাধা শৰ্মা পূজাৰী, ভাল কামবোৰেই জাতিৰ বাবে একো একোটা খুঁটা : সঞ্জীৱ কুমাৰ ফুকন

dainik janambhumi January 19, 2026

ডিজিটেল ডেস্ক: চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কালি বিশিষ্ট সাহিত্যিক শান্তনু কৌশিক বৰুৱাৰ 'অসমৰ সংবাদপত্ৰৰ সংগ্ৰাম আৰু উত্তৰণ' নামৰ শততম গ্রন্থখন উন্মোচন কৰা হয়। সভাৰ আৰম্ভণিতে 'প্রান্তিক'ৰ সম্পাদক প্ৰদীপ বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট মৌন প্রার্থনা জনোৱা হয়।

দীপাঞ্জলি শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ হোৱা সভাখন ময়ূৰী দত্তই আঁত ধৰে। সভাখনত সঞ্জীৱণ প্রকাশনৰ প্ৰকাশক প্ৰীতিমা কৌশিক বৰুৱাই আদৰণী ভাষণ দিয়াৰ পাছতেই লেখক শান্তনু কৌশিক বৰু ৱাই গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰৰ কথা ব্যক্ত কৰে। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে আমাৰ জাতিটো এতিয়া গভীৰ কথা, গভীৰ চিন্তাৰ পৰা আঁতৰি গৈছে। সাধনাৰ বাবে যে এক সুকীয়া সময় লাগে সেইবোৰ কথাৰ পৰা আঁতৰি আহিছে। এতিয়া গ্রন্থ এখন প্রণয়ন কৰাটো অতি সহজ হৈ পৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ভুল তথ্যৰে বহু কিতাপ প্রকাশ হৈছে। কিন্তু জাতিৰ স্বাভিমান ৰক্ষাৰ বাবেই বর্তমানো সংবাদপত্র বর্তি আছে। আনহাতে, নীৰৱ বিপ্লৱী শান্তনু কৌশিক বৰুৱাৰ এয়া চাৰি দশকৰ ফচল বুলি উল্লেখ কৰি তেওঁ এতিয়ালৈকে উন্মোচন কৰা গ্ৰন্থবোৰৰ ভিতৰত এই গ্ৰন্থখনৰ বিষয়বস্তু একক, অনন্য আৰু গ্ৰন্থখন উন্মোচন কৰি আনন্দ লাভ কৰা বুলি মন্তব্য কৰে।

তেওঁ লগতে এই গ্রন্থখন অসম তথা সংবাদপত্ৰৰ বাবে এক যুগান্তকাৰী গ্রন্থ বুলিও মন্তব্য কৰে। বিশিষ্ট অতিথিৰ ভাষণত বিশিষ্ট সাংবাদিক তথা 'দৈনিক জনমভূমি' কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় যে ভাল কামবোৰেই হৈছে জাতিৰ বাবে একো একোটা খুঁটা। যেতিয়ালৈকে ভাল কামবোৰ হৈ থাকিব সেই খুঁটাবোৰৰ লগতে জাতিটোও শক্তিশালী হৈ গৈ থাকিব। আনহাতে, শান্তনু কৌশিক বৰুৱাই যাঠীৰ ওচৰা-উচৰি বয়সত ১০০খন গ্ৰন্থ ৰচনা কৰিব পৰাটো এক অসাধাৰণ কৰ্ম বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৪৪৫ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই আমাৰ জাতিটোৰ সংগ্ৰামৰ কথা সোমাই আছে। জাতিৰ সংগ্ৰামৰ বিষয়ে জানিব বিচৰা পৰৱৰ্তী প্ৰজন্মৰ বাবে এই কিতাপখন এখন লাগতিয়াল হাতপুথি হ'ব। ভাষণত তেওঁ অসমীয়া সাহিত্য তথা সমাজলৈ হেমচন্দ্ৰ বৰুৱাই আগবঢ়াই যোৱা সাধনাৰ কাহিনীও বৰ্ণনা কৰি ১০০খন গ্রন্থ প্রণেতা শান্তনু কৌশিক বৰুৱাৰ এই সাধনাও কম কথা নহয় বুলি কয়। বিশিষ্ট অতিথিৰ ভাষণত বিশিষ্ট চলচ্চিত্র সমালোচক উৎপল দত্তই গ্রন্থখনত বহুতো সৰু-বৰ আলোচনীৰ কথা প্রকাশ পাইছে বুলি উল্লেখ কৰি যি দুই-এখন ৰৈ গৈছে, সেইখিনি পৰৱৰ্তী সংস্কৰণত লিপিবদ্ধ হ'ব বুলি আমি আশাবাদী বুলি মন্তব্য কৰি লেখকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ সভাতে উন্মোচিত গ্ৰন্থখনৰ প্ৰথমটো কপি সাংবাদিক ৰঞ্জিত কুমাৰ হাজৰিকাই ক্রয় কৰে। 

লেখক শান্তনু কৌশিক বৰুৱাৰ বন্ধু তথা সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান 'বান্ধৈ'ৰ কেইবাগৰাকী সদস্যই লেখকক সম্ভাষণ জনাই অনুপ্রাণিত কৰাৰ লগতে স্কুলীয়া দিনবোৰৰ কথা সোঁৱৰণ কৰে। বিশিষ্ট প্রকাশক জ্যোতি প্রকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাকো সম্ভাষণ জনোৱা সভাত ৰীতা বৰঠাকুৰে এটি গীত পৰিৱেশন কৰে। সমজুৱাৰ ফালৰ পৰা কেইবাজনো লোকে বক্তব্য আগবঢ়াই শান্তনু কৌশিক বৰুৱাৰ জীৱনৰ নেপথ্যৰ বহুতো কথা ব্যক্ত কৰে। পৰিয়ালৰ ফালৰ পৰা পুত্ৰ সঞ্জীৱন কৌশিক বৰুৱাই সদায় কিতাপৰ মাজতে থকা পিতৃক এক বিশেষ দৃষ্টিকোণেৰে উন্মোচন কৰে। 

উল্লেখযোগ্য যে মুঠ ২০টা অধ্যায়ত বিভক্ত আৰু বিন্যস্ত এই সংকলনত অসমৰ প্ৰথমখন সংবাদপত্র 'অৰুনোদই' প্ৰকাশৰ প্ৰেৰণাৰ গুৰিৰ কথাৰ বিশ্লেষণাত্মক অধ্যয়নৰ লগতে 'অৰুনোদই'ৰ প্ৰকাশৰ পৰা বৰ্তমানলৈকে, অর্থাৎ অসমৰ সংবাদপত্ৰৰ প্রায় ১৮০ বছৰৰ সময় অনুসৰি ইতিহাসৰ বৰ্ণনা তথা সময়, সাহিত্য আৰু সমাজৰ পৃষ্ঠভূমিত ইয়াক মূল্যায়নৰ চেষ্টা কৰা হৈছে। সেইদৰে এই সময়ছোৱাত চৰিত্ৰ আৰু দায়বদ্ধতাৰে এটা নিজস্ব ৰূপ লোৱা তথা একোটা বিশেষ ধাৰাৰ পথিকৃৎ-স্বৰূপ কেইখনমান নির্বাচিত সংবাদপত্র সম্পর্কে কিছু বহল আলোচনাও এই সংকলনত আছে। তেনেদৰে গ্ৰন্থখনত আছে অসমৰ শিশু-আলোচনী, বিজ্ঞান-আলোচনী, কাব্য-আলোচনী, মহিলা-আলোচনী, ক্ষুদ্র আলোচনী, ই-আলোচনী, জনগোষ্ঠীয় ভাষাৰ সংবাদপত্র, হাতে লিখা অসমীয়া আলোচনী, বিশ্ব-ভাৰতৰ সংবাদপত্ৰৰ সংক্ষিপ্ত ইতিহাসৰ সম্যক পৰিচয়। তদুপৰি এই সংকলনত সন্নিৱিষ্ট কৰা হৈছে অসমৰ সংবাদপত্ৰৰ প্ৰায় ১৮০ বছৰীয়া ইতিহাসৰ ধাৰাবাহিকতা ৰক্ষা কৰা তথা ইয়াৰ গতি আৰু স্বাস্থ্য শক্তিশালী কৰা সংবাদপত্ৰসমূহৰ এখন বর্ণানুক্রমিক তালিকা।

Share This