KADlienৰ উদ্যোগত অসমৰ ঢাকী চাহ আৰু মেঘালয়ৰ লাকাডং হালধি ছিংগাপুৰলৈ ৰপ্তানি

Kakali Deka February 24, 2024

ডিজিটেল ডেস্কঃ উত্তৰ-পূৱৰ বাণিজ্য ক্ষেত্ৰলৈ সুখবৰ। অসমৰ ঢাকী চাহ আৰু মেঘালয়ৰ লাকাডং হালধি ছিংগাপুৰলৈ সফলতাৰে ৰপ্তানি কৰা হয়। উল্লেখ্য যে ছিংগাপুৰত ভাৰতৰ উচ্চ আয়োগে উত্তৰ-পূব ভাৰত আৰু মহাৰাষ্ট্ৰৰ স্বকীয় সামগ্ৰীসমূহৰ ওপৰত আলোকপাত কৰে।ছিংগাপুৰত অসমৰ ঢাকী চাহ আৰু মেঘালয়ৰ লাকাডং হালধিৰ লগতে মহাৰাষ্ট্ৰৰ ৱাৰলী চিত্ৰকলা প্ৰদৰ্শন কৰা হয়। 

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা এই প্ৰকল্পত (চাহ আৰু হালধি)ৰ নেতৃত্বত আছিল শ্ৰীযুত হীৰক জ্যোতি বৈশ্য। NERAMAC ৰ পৰিচালন সঞ্চালক Cmde ৰাজীৱ অশোকৰ তত্বাৱধানত এই কাম সফলভাৱে ৰূপায়ন কৰে হীৰক জ্যোতি বৈশ্যই। অসমৰ গুৱাহাটীস্থিত KADlien Innovation and Export Centerৰ উদ্যোগত চাহ আৰু হালধিৰ সামগ্ৰী ৰপ্তানি কৰা হৈছিল। 

ঢাকী চাহঃ অসমত উৎপত্তি হোৱা পৰম্পৰাগত চাহৰ নাম ঢাকী চাহ। অসমৰ সম্পদ ঢেকীৰ পৰা এই চাহৰ নাম ঢাকী দিয়া হৈছে। ঢাকী চাহৰ গোন্ধ আৰু সোৱাদ অতি সুন্দৰ। ঢাকী চাহ ফিকা চাহ হিচাপেও খাব পাৰি বা গাখীৰৰ সৈতে উপভোগ কৰিব পাৰি। আনহাতে সতেজ আইচড টি হিচাপেও পৰিবেশন কৰিব পাৰি ঢাকী চাহ।

লাকাডং হালধিঃ মেঘালয়ৰ লাকাডং হালধিয়ে ইয়াৰ অতুলনীয় কাৰকুমিনৰ পৰিমাণৰ বাবে প্ৰশংসা লাভ কৰে, যাৰ ফলত ই বিশ্বৰ উন্নত মানৰ হালধিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই হালধি হাতেৰে ছিঙি, ধুই, টুকুৰা টুকুৰ কৰি, ৰ’দত শুকুৱাই আৰু সৰু সৰু গোটত পিহি ইয়াৰ বিশুদ্ধতা আৰু উপযোগিতা ৰক্ষা কৰা হয়।

ৱাৰলী চিত্ৰকলা: মহাৰাষ্ট্ৰৰ ৱাৰলী চিত্ৰকলাৰ বৈশিষ্ট্য হৈছে ইয়াৰ সৰলতা আৰু ৰৈখিক শৈলী। ইয়াৰ বৈশিষ্ট্য প্ৰধানকৈ ত্ৰিকোণীয় আকৃতিৰ। এই শিল্পৰূপটোৱে সামাজিক জীৱনৰ সাৰমৰ্মক ধৰি ৰাখে, আৰু দৈনন্দিন অভিজ্ঞতাৰ পৰা প্ৰেৰণা লাভ কৰে।


ছিংগাপুৰৰ ট্ৰেড ৰাউণ্ডটেবলে এই ব্যতিক্ৰমী সামগ্ৰীসমূহৰ পৰিচয় আৰু প্ৰচাৰৰ বাবে এক উৎকৃষ্ট মঞ্চ হিচাপে কাম কৰে, যিয়ে বিশ্ব বজাৰত বৈচিত্ৰময় আৰু সজীৱ অৱদানকাৰী হিচাপে ভাৰতৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিলে। ছ’চিয়েল মিডিয়াত ছিংগাপুৰৰ HCI য়ে এই বিষয়ে শ্বেয়াৰ কৰিছে।

KADlien website: www.kadlien.in 
Phone number: 91 87539 33408

Share This