গৰৈমাৰীত দুৰ্নীতিৰ অভিযোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

Rashmi May 15, 2025

ডিজিটেল ডেস্ক : দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ দক্ষিণ ভলুকাৱাড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ দক্ষিণ ভলুকাৱাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাহজাহান আলীৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি শিক্ষক শ্বাহজাহান আলীক নিলম্বনৰ দাবী তোলে স্থানীয় ৰাইজে ।

 দক্ষিণ ভলুকাৱাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাহজাহান আলীয়ে চৰকাৰে ছাত্ৰ -ছাত্ৰীৰ বাবে আবণ্টন দিয়া মধ্যাহ্ন ভোজনৰ ধন আৰু চাউল আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে শ্বাহজাহান আলী হায় হায়, দুৰ্নীতি নচলিব, শ্বাহজাহান মাষ্টাৰৰ দুৰ্নীতি বন্ধ কৰক, শ্বাহজাহান মাষ্টাৰ চাকৰিৰ পৰা নিলম্বন কৰক আদি বিভিন্ন শ্ন'গানেৰে গৰৈমাৰীৰ আকাশ-বতাহ কপাই তোলে প্ৰতিবাদকাৰী ৰাইজে।

প্ৰতিবাদৰ অন্তত চক্ৰ বিষয়া নূপুৰ বৰাৰ জৰিয়তে, ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, জিলা আয়ুক্ত আৰু কামৰূপ জিলা শিক্ষা বিষয়ালৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

অতি শীঘ্ৰেই তদন্তৰ জৰিয়তে প্ৰধান শিক্ষক শ্বাহজাহান আলীক নিলম্বন কৰিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This