বাঘৰ সলনি ৰাষ্ট্ৰীয় জন্তু হ’ব নেকি গৰু?  কি ক’লে চৰকাৰে? 

Jyoti Borah August 09, 2023

ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু হ’ব নেকি? ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু কৰা হ’ব নেকি বুলি বিজেপিৰ লোকসভাৰ সাংসদ এগৰাকীয়ে জানিব বিচৰাত এই বিষয়ত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। বিজেপিৰ সাংসদগৰাকীয়ে সংসদত চৰকাৰক প্ৰশ্ন কৰিছিল-    ' ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ গৌমাতা' (গৰু)ক  "ৰাষ্ট্ৰীয় পশু" হিচাপে স্বীকৃতি দিয়া  হ’ব  নেকি?’ আজমেৰৰ সাংসদ ভগীৰথ চৌধুৰীয়ে এক লিখিত প্ৰশ্নৰ জড়িয়তে চৰকাৰক এই প্ৰশ্ন কৰিছিল। কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ  মন্ত্ৰী জি কাষাণ ৰেড্ডীয়ে এই প্রস্নৰ উত্তৰত কয়   "কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ মাজত আইনী ক্ষমতা বিতৰণৰ অধীনত, (সংবিধানৰ অনুচ্ছেদ ২৪৬(৩) পশু সংৰক্ষণ হৈছে এনে এক বিষয় যাৰ ওপৰত বিধানসভাৰ  আইন প্ৰণয়ন কৰাৰ একচেটিয়া ক্ষমতা আছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰা প্ৰচেষ্টাৰ পৰিপূৰক  হিচাপে, পশুপালন বিভাগে থলুৱা প্ৰজাতিৰ গৰুসহ থলুৱা প্ৰজাতিৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণ কৰি আছে। এই অভিযানৰ ফলত দেশত গৰুকে ধৰি থলুৱা প্ৰজাতিৰ সংখ্যা  বৃদ্ধি পাইছে। বিভাগে গৰুকে ধৰি জন্তুৰ সুৰক্ষাৰ বাবে ভাৰতীয় পশু কল্যাণ পৰিষদো স্থাপন কৰিছে" । ৰেড্ডীয়ে লগতে কয় যে দেশত  ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় ফুল আৰু ৰাষ্ট্ৰীয় পশু ইতিমধ্যে  নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবোৰৰ সুৰক্ষা প্ৰদান কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰত চৰকাৰে বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাবে স্বীকৃতি দিছে। ।তেওঁ লগতে কয় " মন্ত্ৰালয়ে ২০১১ চনৰ ৩০ মে'ত বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাপে পুনৰ জাননী জাৰি কৰিছিল । বাঘ আৰু ময়ূৰ বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ ৰ অনুসূচী-১ প্ৰাণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।সেয়ে গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। ’’

Share This