পকছ' আইনত 'ৰোমিঅ'-জুলিয়েট' দফা সংযোজনৰ পৰামৰ্শ চৰকাৰক, সহমত সাপেক্ষে কিশোৰ-কিশোৰীৰ সম্পর্কত উচ্চতম ন্যায়ালয়ৰ সন্মতি

dainik janambhumi January 11, 2026

ডিজিটেল ডেস্ক : সহমত সাপেক্ষে সম্পৰ্ক ৰখা ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলক অপৰাধমূলক গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে পকছ' আইনত 'ৰোমিঅ'-জুলিয়েট' দফা সংযোজনৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ খণ্ড বিচাৰপীঠে এই পৰামৰ্শ আগবঢ়াইছে। 

এলাহাবাদ উচ্চ ন্যায়ালয়ে পূর্বে দিয়া এনে গোচৰত নাবালকক জামিন দিয়াৰ সময়ত বয়সটো নির্দিষ্ট কৰাৰ বাবে 'হাড়'ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ইয়াক বাতিল কৰি কয় যে বয়স নির্ধাৰণৰ বাবে প্ৰথমেই 'হাড়' পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। ই 'জুভেলাইল জাষ্টিচ আইন-২০১৫'ৰ বিৰোধী। আইনখনৰ ৯৪নং অনুচ্ছেদত উল্লেখ আছে যে হাইস্কুল শিক্ষান্ত অথবা সমপৰ্যায়ৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰ অথবা জন্ম প্রমাণ পত্র নহ'লে পৌৰ নিগম কর্তৃপক্ষ বা পঞ্চায়তে দিয়া প্রমাণ পত্ৰৰে বয়স নির্ধাৰণ কৰিব পাৰি। এইবোৰ তথ্য নাথাকিলেহে 'হাড়' পৰীক্ষা কৰিব পাৰে। 

খণ্ড বিচাৰপীঠে লগতে কয় যে বিভিন্ন ক্ষেত্রত পকছ' আইনৰ অপব্যৱহাৰ হৈছে, বিশেষকৈ প্রেম আৰু সহমতেৰে স্থাপন কৰা ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ সম্পৰ্কৰ ক্ষেত্রত। এনে গোচৰ কিশোৰ-কিশোৰীৰ প্ৰেম বুজাবুজিৰ সম্পৰ্কটো অপৰাধীকৰণ, লগতে তেওঁলোকৰ পৰিয়ালতো নেতিবাচক প্ৰভাৱ পেলায়। গতিকে চৰকাৰক পকছ' আইনত ৰোমিঅ'-জুলিয়েট দফা সংযোজনৰ পৰামৰ্শ দিয়ে সর্বোচ্চ ন্যায়ালয়ে।

Share This