৩২ বছৰৰ পাছত নকআউটত আমেৰিকা, অষ্ট্ৰেলিয়া ২-০ গ'লত পৰাজিত

dainik janambhumi June 21, 2026

ডিজিটেল ডেস্ক : সহযোগী আয়োজক আমেৰিকাই বিশ্বকাপ ফুটবলৰ নকআউট পর্যায়ত উপনীত হৈছে। আয়োজক দেশখনে ৩২ বছৰৰ পাছত 'ৰাউণ্ড অব্ ৩২ত' উপনীত হয়। কালি নিশা অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ-ডিৰ এখন মেচত অষ্ট্ৰেলিয়াক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে। 

ছিয়াটল ষ্টেডিয়ামত তাৰকা ফৰৱাৰ্ড খ্রীষ্টিয়ান পুলিচিকৰ অনুপস্থিতিত আমেৰিকাই শুকুৰবাৰে নিশা একেৰাহে দ্বিতীয় জয় অর্জন কৰে। কলাফুলৰ আঘাতৰ বাবে পুলিচিকে কালিৰ মেচখনত খেলিব পৰা নাছিল। অৱশ্যে দলে তেওঁৰ অভাৱ অনুভৱ নকৰিলে। আমেৰিকাই প্রথমখন মেচত পাৰাগুৱেক ৪-১ ব্যৱধানত পৰাজিত কৰে। 

আমেৰিকা এতিয়া ৬ পইন্টেৰে গ্ৰুপত প্রথম স্থানত আছে। অষ্ট্ৰেলিয়া আৰু পাৰাগুৱেই তিনি পইন্টকৈ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। খেলখনৰ ১১ মিনিটত আমেৰিকাই অগ্রগতি লাভ কৰে যেতিয়া ফলাৰিন বালোগুনৰ ক্রছ PFA প্ৰতিৰোধ কৰিবলৈ যাওঁতে অষ্ট্ৰেলিয়াৰ ডিফেণ্ডাৰ কেমৰুন বার্গেছে আত্মঘাতী গ'ল দিয়ে। খেলৰ ৪৩ মিনিটত এলেক্স ফ্রিমেনে হেড কৰি দিয়া গ'লৰ সহায়ত আমেৰিকা ২-০ ব্যৱধানত আগবাঢ়ে। 

উল্লেখযোগ্য যে নকআউট পর্যায়ত উপনীত হোৱা আমেৰিকা এইবাৰৰ বিশ্বকাপৰ দ্বিতীয়টো দল। ইয়াৰ আগতে প্রতিযোগিতাৰ আনখন সহযোগী আয়োজক দেশ মেক্সিকো নকআউট পর্যায়ত উপনীত হৈছিল। ইফালে আমেৰিকাই বিশ্বকাপৰ ইতিহাসত ৯৬ বছৰৰ পাছত
একেৰাহে প্রথম দুখন মেচত জয়ী হয়। ইয়াৰ আগতে ১৯২৯ চনৰ বিশ্বকাপত দলটো একেৰাহে প্রথম দুখন মেচত জয়ী হৈছিল।

Share This