ডিজিটেল ডেস্ক : ৰাজ্যত পশু চিকিৎসা খণ্ডৰ প্ৰতি কৰা চৰকাৰৰ অৱহেলাৰ বাবেই আশা কৰাধৰণে উৎপাদনমুখী হ'ব পৰা নাই গাঁৱে-ভূঞে পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰা খাটিখোৱা পশুপালক তথা কৃষকসকল। পশুপালন খণ্ডৰ ভিতৰচ'ৰাৰ এনে হতাশাজনক প্ৰতিচ্ছবিৰ বাবে বহুকেইখন জিলাৰ গাঁৱে-ভূঞে থকা পশু চিকিৎসা কেন্দ্র, উপকেন্দ্ৰৰ লগতে ৰাজ্যিক পশু চিকিৎসালয়সমূহে এতিয়া মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে।
অধিকাংশ পশু চিকিৎসালয়তে পশু চিকিৎসক আৰু ক্ষেত্ৰ সহায়কসকলক বিচাৰি হাবাথুৰি খাব লগা হৈছে পশুপালনৰ লগত জড়িত পশুপালকসকলে। ইয়াৰ উপৰি পশু চিকিৎসা খণ্ডটোৰ চৰকাৰী ভ্ৰাম্যমাণ সেৱাও অত্যন্ত পুতৌজনক হিচাপেই বিবেচিত হৈছে। ৰাজ্যৰ অন্য প্ৰান্তৰ কথাতো বাদেই, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাতেই কেইবাখনো চৰকাৰী খণ্ডৰ পশু চিকিৎসালয় বিভাগীয় অৱহেলাৰ বাবে মৃত্যুৰ গৰাহত ভুগিবলগীয়া হৈছে। ধৰি শেহতীয়াভাৱে, ধুবুৰী জিলাৰ বীৰসিং-জৰুৱা বিধানসভা সমষ্টিৰ অন্তর্গত চিৰাকুটী গাঁৱত আজি সুদীর্ঘ প্রায় দুটা দশক ধৰি পুনৰ কাৰ্যক্ষম নোহোৱাৰ বাবে এখন ৰাজ্যিক পশু চিকিৎসালয় মৃত্যুৰ গৰাহত পৰিবলগীয়া হৈছে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, বৃহত্তৰ কৃষিপ্রধান ফকিৰগঞ্জ অঞ্চলৰ পশুপালকসকলৰ চৰম দুর্দশাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিৰাকুটীত ভূত-বাংলো সদৃশ পৰিস্থিতিত থকা ৰাজ্যিক পশু চিকিৎসালয়ৰ গৃহটো পুনৰাই কার্যক্ষম কৰি তোলাৰ বাবে চৰকাৰে বিভাগীয়ভাৱে বিগত ২০১৪ বর্ষতে প্রায় ৫৬ লাখ ৬ হাজাৰ ৫১৩ টকা আবণ্টন আগবঢ়াইছিল যদিও পৰিতাপৰ বিষয়টো হ'ল যে বিগত এটা দশকৰো অধিক সময় অতিক্ৰম কৰিলে কিন্তু আজিৰ তাৰিখতো নিৰ্মাণৰ কাম সম্পূর্ণ হৈ নুঠিল। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, আবণ্টিত ধনৰাশি কামৰ আবণ্টন লাভ কৰা বিভাগীয় ঠিকাদাৰ-অভিযন্তাই মিলি কুক্ষিগত কৰে। যাৰ ফলস্বৰূপে আজিও সম্পূর্ণ হৈ নুঠিল চৰকাৰী খণ্ডৰ এই ৰাজ্যিক পশু চিকিৎসালয়টো আৰু এনেদৰেই অৱহেলা কৰা হৈছে পশুধনসমূহৰ চিকিৎসাৰ প্ৰতি।
স্থানীয় পশুপালক ৰাইজে শীঘ্ৰে চৰকাৰী খণ্ডৰ কামৰ এনে অনিয়মৰ তদন্ত কৰাৰ লগতে চিৰাকুটীৰ এই ৰাজ্যিক পশু চিকিৎসালয়টো পুনৰাই কাৰ্যক্ষম কৰি তুলিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে। মন কৰিবলগীয়া যে ধুবুৰী চহৰৰ মাজমজিয়াৰ কলেজ নগৰৰ ৰাজ্যিক পশু চিকিৎসালয়খনো চৰকাৰী অৱহেলাত বৰ্তমানে এনেদৰে অনুৰূপ সদৃশ পৰিস্থিতিত থকাত দুর্ভোগ ভুগিবলগীয়া হৈছে পশুপালকসকলে ।