ডিজিটেল ডেস্ক : ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰাত ৰজা সর্বানন্দ সিংহই খন্দোৱা বহু পুখুৰীৰ লগতে ঐতিহাসিক সমল ক্রমাৎ বেদখলকাৰীৰ কবলত পৰিছে। বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়াত থকা এই কীর্তিচিহ্নসমূহ বেদখলমুক্ত কৰিবলৈ মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে দীর্ঘদিন ধৰি জিলা প্রশাসন,
চৰকাৰ তথা সংশ্লিষ্ট বিভাগক দাবী জনাই আহিছে। বহু প্রতিবাদ, আন্দোলনৰ কাৰ্যসূচীও গ্রহণ কৰিছে। কিন্তু জিলা প্ৰশাসনৰ লগতে চৰকাৰে এই বিষয়ত বিশেষ কোনো গুৰুত্ব প্রদান নকৰাত জনগোষ্ঠীটোৰ সংগঠনসমূহে নিজাববীয়াকৈ বেদখলমুক্ত কৰিবলৈ ওলাই আহিছে। কালি জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ যুৱকসকলে বৰগুৰিস্থিত মটক ৰজাৰ ঐতিহাসিক বৰপুখুৰীৰ বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে প্ৰথমটো হাতুৰিৰ কোব মাৰে।
উল্লেখযোগ্য যে বৰগুৰিস্থিত বৰপুখুৰীৰ লগতে পুখুৰীৰ আশে-পাশে প্রায় ৯ বিঘা ভূমি আছিল। বর্তমান প্রায় ৪.৫ বিঘা ভূমি কোনো ব্যৱসায়ীৰ দ্বাৰা বেদখল হোৱা বুলি উল্লেখ কৰিছে। এই বেদখলীকৃত ভূমিত ওখ পকী দেৱাল নির্মাণ কৰা হৈছিল। সংগঠনৰ সদস্যসকলে আহি পকী দেৱালৰ একাংশ ভাঙি দিয়ে। কালি তেওঁলোকে উল্লেখ কৰে যে তিনিচুকীয়া জিলাত বহু কেইজন জিলা উপায়ুক্ত, জিলা আয়ুক্ত আহিল, কিন্তু কোনো এজনে কীৰ্তিচিহ্নৰ ভূমি বেদখলমুক্ত কৰাত গুৰুত্ব আৰোপ নকৰিলে।
গতিকে নিজাববীয়াকৈ এইব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগলৈও মটক জনগোষ্ঠীৰ সকলো সংগঠনে একত্রিত হৈ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিব। এইবোৰ কৰিবলৈ যাওঁতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে চৰকাৰ আৰু জিলা প্রশাসনেই দায়ী হ'ব বুলি সকীয়াই দিয়ে।