বিলুপ্তিৰ দুৱাৰডলিত ৰাজস্থানৰ ৰাজ্যিক পক্ষী গ্রেট ইণ্ডিয়ান বাষ্টার্ড

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ পক্ষীপ্রেমীসকলৰ বাবে দুঃখবৰ। ভাৰতত পোৱা এটি স্থানীয় পক্ষী শীঘ্ৰেই চিৰদিনৰ বাবে বিলুপ্তি ঘটাৰ উপক্ৰম হৈছে। চৰাইটোৰ ওপৰত কৰা শেহতীয়া সমীক্ষাত ওলাইছে এই দুঃখজনক তথ্য। বিলুপ্তিৰ ক্ষণ গণা এই পক্ষীবিধ হৈছে গ্রেট ইণ্ডিয়ান বাষ্টার্ড। শেহতীয়া সমীক্ষা অনুসৰি বৰ্ধিত আন্তঃগাঁথনিয়ে ৰাজস্থানৰ চিনাকি চৰাইটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আই ইউ চি এনৰ ৰঙা তালিকাত সংকটজনকভাৱে বিপন্ন হিচাপে শ্রেণীভুক্ত কৰা গ্রেট ইণ্ডিয়ান বাষ্টার্ড সম্প্রতি মাত্র ১৩০টা চৰাইহে আছে বুলি অনুমান কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰ আৰু ২০২৫ চনৰ এপ্রিল মাহৰ ভিতৰত কৰা এই সমীক্ষাত চৰাইটোৰ জনসংখ্যা ১৩০টা বুলি অনুমান কৰা হৈছে। গ্রেট ইণ্ডিয়ান বাষ্টার্ড (Great Indian Bustard) চৰাইবিধক আই ইউ চি এন (IUCN)-ৰ ৰঙা তালিকাত ২০১১ চনত সংকটজনকভাৱে বিপন্ন (Critically Endangered) শ্রেণীত অন্তর্ভুক্ত কৰা হৈছিল। ইয়াৰ পূৰ্বে ১৯৯৪ চনত ইয়াক সংকটজনক শ্ৰেণীত ৰখা হৈছিল। ই পৃথিৱীৰ ভিতৰতে উৰিব পৰা আটাইতকৈ গধুৰ চৰাইবোৰৰ ভিতৰত অন্যতম।

একোটা প্রাপ্তবয়স্ক চৰাইৰ উচ্চতা প্রায় ১ মিটাৰ আৰু ওজন ১৫ কিল'গ্রাম পর্যন্ত হ'ব পাৰে। ইয়াৰ দীঘল ভৰি আৰু অনুভূমিক শৰীৰৰ বাবে ইয়াক দেখাত বহুখিনি উট চৰাইৰ দৰে লাগে। এই চৰাইবিধে শুকান ঘাঁহনি অঞ্চল, কাঁইটীয়া জোপোহা বন আৰু কম বৰষুণ হোৱা অৰ্ধ শুকান অঞ্চলত থাকিবলৈ ভাল পায়। বৰ্তমান ভাৰতৰ ৰাজস্থান (বিশেষকৈ থৰ মৰুভূমি) আৰু গুজৰাটত ইয়াৰ মুখ্য বাসস্থান। ই ৰাজস্থানৰ ৰাজ্যিক চৰাই। ঘাঁহনি অঞ্চলৰ ওপৰেৰে যোৱা ডাঙৰ ডাঙৰ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা খাই বহু চৰাইৰ মৃত্যু ঘটে, কাৰণ ইহঁতৰ সন্মুখৰ দৃষ্টিশক্তি কিছু কম থাকে। কৃষিকাৰ্যৰ সম্প্ৰসাৰণ, উদ্যোগীকৰণ আৰু বতাহ কল (Windmills) স্থাপনৰ ফলত ইহঁতৰ প্রাকৃতিক বাসস্থান একেবাৰে সংকুচিত হৈ পৰিছে। তদুপৰি এই চৰাইবিধে ১ বা ২ বছৰত মাত্ৰ এটাহে কণী পাৰে, যাৰ বাবে ইহঁতৰ বংশবৃদ্ধি অতি মন্থৰ।

পূৰ্বতে মাংস আৰু ক্রীড়াৰ বাবে এই চৰাইবিধক প্ৰচুৰ পৰিমাণে চিকাৰ কৰা হৈছিল। যাৰ ফলত ইহঁতৰ জনসংখ্যা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিলে। ভাৰতৰ বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২-ৰ সূচী ১ (Schedule I)-ৰ অধীনত ইয়াক সর্বোচ্চ আইনী সুৰক্ষা প্ৰদান কৰা হৈছে, যাৰ ফলত ইয়াক চিকাৰ কৰাটো সম্পূর্ণ বেআইনী। ভাৰত চৰকাৰে ইহঁতৰ সুৰক্ষাৰ বাবে 'প্রজেক্ট গ্রেট ইণ্ডিয়ান বাষ্টার্ড' আৰু কৃত্রিম প্রজনন (Captive Breeding) কাৰ্যসূচীও ৰূপায়ণ কৰি আছে।

Share This