ডিজিটেল ডেস্ক : বিশ্বত এক নতুন ভূ-ৰাজনৈতিক সমীকৰণৰ ইংগিত আজি ইয়াত বিশ্বৰ তিনি মহাশক্তিৰ মহামিলন হৈছে। ইয়াৰ পৰাই সমগ্ৰ বিশ্বই এক নতুন বার্তা লাভ কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু আয়োজক চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মহামিলন হৈছে ইয়াত দেওবাৰৰ পৰা আৰম্ভ হোৱা ছাংহাই অর্থনৈতিক সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ সন্মিলনত। বিশ্বৰ অন্যতম শক্তিশালী দেশ তিনিখনৰ নেতাকেইজনৰ টিনাজিনত একে সময়ত একেখন মঞ্চত উপস্থিতিয়ে সমগ্র বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ জোকাৰণি অনুভূত হৈছে আমেৰিকাৰ ৰাজধানী বাশ্বিংটনতো। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুল্কৰ দম্ভালিৰে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিশ্বৰ অন্যতম আটাইতকৈ শক্তিশালী দেশকেইখনৰ নেতাকেইজন ইয়াত মিলিত হোৱাটোৱে বিশেষ তাৎপর্য বহন কৰিছে। আনকি ৰাষ্ট্ৰপতি ট্রাম্পকো উদ্বিগ্ন কৰিছে এই শীর্ষ সন্মিলনে।
চি এন এনে প্রকাশ কৰা এখন প্রতিবেদনত কোৱা হৈছে যে তিনিওজন নেতাৰ টিয়ানজিনত মিলন বিশ্বৰ ভূ-ৰাজনৈতিক দিশত যথেষ্ট তাৎপর্যপূর্ণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে বিশ্বৰ আন দেশৰ তুলনাত সর্বাধিক হাৰত শুল্ক আৰোপ কৰিছে। ভাৰতৰ বিৰুদ্ধে ট্রাম্পে গ্রহণ কৰা কঠোৰ নীতিৰ ফলত নতুন দিল্লী আৰু বাশ্বিংটনৰ মাজৰ সম্পৰ্কত সৃষ্টি হোৱা তিক্ততাই অধিক গভীৰ ৰূপ লৈছে। আনহাতে, চীন আৰু ভাৰত দুয়োখন দেশে ৰাছিয়াৰ পৰা বৃহৎ হাৰত খাৰুৱা তেল ক্ৰয় কৰি আছে। আমেৰিকাৰ মতে ইয়াৰ জৰিয়তে দুয়োখন দেশে ইউক্রেইন যুদ্ধত ৰাছিয়াক পুঁজিৰ যোগান ধৰি আহিছে। সেয়েহে টিয়ানজিনত অনুষ্ঠিত এই সন্মিলনৰ ওপৰত বাশ্বিংটনে সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে এছ চি অ' শীর্ষ সন্মিলনত মোদী-জিনপিং-পুটিন একেখন মঞ্চতে উপস্থিত থকাটো আমেৰিকাৰ বাবে এক কূটনৈতিক মূৰকামোৰণি ৰূপে বিবেচিত হৈছে। ইয়াৰ কাৰণ হ'ল ট্রাম্পৰ নীতিয়ে ভাৰতক দেশখনৰ পৰা আঁতৰ কৰাৰ লগতে চীন আৰু ৰাছিয়াৰো আমেৰিকাৰ পৰা দূৰত্ব বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া এই নেতা তিনিজন একেখন মঞ্চত উপস্থিত হোৱাৰ পাছত ৱাশ্বিংটনলৈ এই বার্তা যোৱাটো স্পষ্ট যে এছিয়া আৰু ইউৰেছিয়াত আমেৰিকাৰ আধিপত্য প্রত্যাহ্বানৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে ট্রাম্পে ইতিমধ্যে ব্ৰিকছক লৈ নিজৰ উদ্বেগ তথা ক্ষোভ প্রকাশ কৰিছে। এতিয়া এছ চি অ' শক্তিশালী ৰূপত মূৰ দাঙি উঠাটোৱে ট্রাম্পৰ উদ্বেগ অধিক বৃদ্ধি কৰিব।
বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, ট্রাম্পৰ নীতিয়ে সৃষ্টি কৰা সুযোগ গ্রহণ কৰি জিনপিঙে চীনত আমেৰিকাৰ এক বিকল্পৰূপে প্রতিষ্ঠা কৰাৰ বাবে কাম কৰিব। চি এন এনে কয় যে চীন আৰু ভাৰত বিকাশৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে আৰু দুয়োখন দেশে নিজৰ উন্নয়নক গুৰুত্ব দি আগবঢ়া উচিত। চীনৰ বিদেশ মন্ত্র্যালয়ে এই বুলি কয় যে দুয়োখন দেশ মিলি বিশ্বক এক বহু মেৰুৰ কৰি তোলা কাম কৰা উচিত। আন কথাত এনে এখন বিশ্ব য'ত কেৱল আমেৰিকা আৰু তেওঁলোকৰ সহযোগীৰ আধিপত্য নাথাকে। উল্লেখযোগ্য যে এছ চি অ' শীর্ষ সন্মিলনত মোদী, জিনপিং আৰু পুটিনৰ উপৰি পাকিস্তানৰ প্রধানমন্ত্রী শাহবাজ শ্বৰীফ, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তৈয়প এডোগান আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্ট'নিঅ' গুটাৰেছো আছে। চীনে এই মঞ্চক গ্ল'বেল ছাউথৰ একতাৰূপে প্রতিষ্ঠা কৰিবলৈ বিচাৰিছে। এই দেশসমূহক ঘাইকৈ আমেৰিকা আৰু ইয়াৰ সহযোগী দেশসমূহে ক্ষুব্ধ কৰি তুলিছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতে যদি এছ চি অ' শীর্ষ সন্মিলনৰ শেষত জাৰি কৰিবলগীয়া ঘোষণা-পত্ৰত স্বাক্ষৰ কৰে আৰু ইয়াত যদি বিশ্ব বাণিজ্য যুদ্ধৰ কথা উল্লেখ থাকে তেতিয়া ই ৰাষ্ট্ৰপতি ট্রাম্পৰ বাবে এক বৃহৎ বিপর্যয় হ'ব। আমেৰিকাৰ এজন প্রাক্তন কূটনীতিবিদৰ মতে, যদি ভাৰতে এই ঘোষণা-পত্রক সমর্থন কৰে, তেতিয়া এইটো স্পষ্ট হৈ পৰিব যে নতুন দিল্লী এতিয়া বাশ্বিংটনৰ পৰিৱৰ্তে মস্কো আৰু বেইজিঙৰ কাষতহে আছে। এছ চি অ' সন্মিলনৰ জৰিয়তে বিশ্বৰ অন্যতম শক্তিশালী দেশকেইখনৰ টিয়ানজিনত ৱাশ্বিংটনৰ বিৰুদ্ধে এক শক্তি প্রদর্শনো হ'ব বুলি কোৱা হৈছে। ই আমেৰিকাই সকলো সীমা উলংঘা কৰি বিশ্বত আধিপত্য বিস্তাৰৰ বাবে প্রচেষ্টাক প্রত্যাহ্বান জনাই এক ভাৰসাম্য সৃষ্টিৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হ'ব।