আই পি এলৰ নিলামত ২৫.২০ কোটি টকাত কে কে আৰলৈ , সবাতোকৈ দামী বিদেশী ক্রিকেটাৰ গ্ৰীন

dainik janambhumi December 17, 2025

ডিজিটেল ডেস্ক: ২৫ কোটি ২০ লাখ টকা। অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ কেমেৰুন গ্রীনক নিলামৰ জৰিয়তে অভিলেখ সৃষ্টিকাৰী ধনৰ বিনিময়ত ক্রয় কৰে কলকাতা নাইট ৰাইডাৰ্ছে। মুঠ ৩৫৯ গৰাকী ক্রিকেটাৰে অংশ লোৱা নিলামত গ্রীনে বেটাৰ হিচাপে নাম পঞ্জীয়ন কৰিছিল। 

২০২৬ চনৰ আই পি এলৰ মিনি নিলামৰ আৰম্ভণিৰে পৰাই কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ৰাজস্থান ৰয়েলছৰ যুঁজ চলিছিল। এইবাৰৰ নিলামত কে কে আৰৰ অন্যতম লক্ষ্য আছিল গ্রীন। ঘাইকৈ আন্দ্ৰে ৰাছেলে আই পি এলৰ পৰা অৱসৰ লোৱাৰ পাছত এগৰাকী অলৰাউণ্ডাৰ তথা ফিনিছাৰৰ সন্ধানত আছিল কে কে আৰ। সেয়ে, গ্রীনক ক্রয় কৰি কে কে আৰৰ সেই লক্ষ্য পূৰ কৰে। 

আই পি এলৰ ইতিহাসত তেনেদৰেই ২৫.২০ কোটি টকাত চুক্তিবদ্ধ হৈ সবাতোকৈ দামী বিদেশী ক্রিকেটাৰত পৰিণত হয় গ্রীন। ইয়াৰ আগেয়ে সর্বাধিক দামী বিদেশী খেলুৱৈ আছিল মিচেল ষ্টার্ক। ২০২৪ চনত নিলামত কে কে আৰেই ২৪ কোটি ৭৫ লাখ টকাত কিনিছিল অষ্টেলিয়ান পেচাৰগৰাকীক। 

ইফালে, ২৪৬গৰাকী ভাৰতীয় আৰু ১১৩গৰাকী বিদেশী খেলুৱৈয়ে অংশ লোৱা নিলামত কালি কে কে আৰে ১৮ কোটি টকাত শ্রীলংকান পেচাৰ মাথিছা পাথিৰানাক ক্রয় কৰে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ ২০ বছৰীয়া বাওঁহতীয়া স্পীনাৰ প্ৰশান্ত বীৰ আৰু ৰাজস্থানৰ ১৯ বছৰীয়া উইকেটকীপাৰ বেটাৰ কার্তিক শৰ্মাক ১৪.২০ কোটি টকাত ক্রয় কৰে চেন্নাই ছুপাৰ কিংছে। 

আনহাতে নিলামৰ তৃতীয় ৰাউণ্ডৰ অন্তত পৃথ্বি শ্বাউক তেওঁৰ আধাৰ মূল্য ৭৫ লাখ টকাতে ক্রয় কৰে দিল্লীৰ কেপিটেলছে। শ্বৰফৰাজ খানক আধাৰ মূল্য ৭৫ লাখ টকাতে ক্রয় কৰে চেন্নাই ছুপাৰ কিংছে ।

Share This