গীনিজ বুকত স্থান পাব অসমৰ দিহানামে

Jyoti Borah August 14, 2023

ডিজিটেল ডেস্কঃ বিহুৰ পাছত এইবাৰ দিহানামক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে৷ সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত আৰু এই  সমিতিৰ জিলা পৰ্যায়ৰ সমিতিসমূহৰ সহযোগত দিহানামৰ দ্বাৰা গীনিজ বুক অব্‌ ৱল্ডৰ্ ৰেকৰ্ডত নাম লিপিবদ্ধ কৰাৰ অৰ্থে প্ৰস্তুতি চলোৱা দেখা গৈছে৷ অহা ২৫ নৱেম্বৰত গুৱাহাটীত সমগ্ৰ অসমৰ ষাঠি সহস্ৰাধিক আয়তী-নামতীয়ে একত্ৰে দিহানামত অংশগ্ৰহণ কৰি সমগ্ৰ বিশ্বৰ মানুহকে অসমৰ দিহানাম কি ইয়াক দেখুৱাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতিৰ বাবে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে দিহানামত অংশ লোৱাৰ বাবে নিজৰ নাম লিপিবদ্ধ কৰা মহিলাসকলে একত্ৰিত হৈ প্ৰস্তুতি চলাইছে৷ এই উপলক্ষে আজি সদৌ অসম সাংস্কৃতিক দিহানাম সমিতিৰ বৰপেটা বাক্‌সা জিলা সমিতিৰ উদ্যোগত সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ ৰজনীকান্ত চৌধুৰী প্ৰেক্ষাগৃহত জিলা দুখনৰ বাৰশ দিহানাম শিল্পীয়ে সমৱেত হৈ দিহানাম পৰিৱেশন কৰে৷ লগতে স্থানীয় সমাজকৰ্মী অৰবিন্দ বৰ্মনৰ সভাপতিত্বত আয়োজিত এখন সভাত উপস্থিত বাৰশ শিল্পীয়ে দিহানামক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প লয়৷ সভাত সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ কেন্দ্ৰীয় সভাপতি গণেশ দাসে দিহানাম পৰিৱেশনৰ বৃহৎ আয়োজনৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ বিষয়ে অৱগত কৰে৷ সভাত দিহানাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জন বড়ো, সম্পাদক নৰেন দাস, দীপাঞ্জলি বৰা, বন্তি পাঠক, বৰপেটা বাক্‌সা জিলা সমিতিৰ মুখ্য উপদেষ্টা ধীৰেন বৰ্মন, সভানেত্ৰী শেৱালি তালুকদাৰ, সম্পাদিকা ফুনু পাঠক মেধি, সাংস্কৃতিক সম্পাদক হিৰণ্য ঠাকুৰীয়াকে ধৰি একাধিক বিষয়ববীয়া উপস্থিত থাকে৷ সভাস্থলীত গুৰুজনাৰ অনবদ্য সৃষ্টি বৰগীত আৰু দিহানাম পৰিৱেশন কৰা হয়৷

Share This