ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ বেটাৰ ফোৱেবা লিছফিল্ডৰ ৪০টা বলত দুৰন্ত ৭৮ ৰান সত্ত্বেও গুজৰাট জায়েন্টছৰ হাতত মহিলা প্রিমিয়াৰ লীগৰ কালিৰ খেলত ১০ ৰানত পৰাজিত হয় ইউ পি ৱাৰিয়ৰ্ছ। খেলখনত প্রথমে বেট ধৰি গুজৰাটে ৪টা উইকেট হেৰুৱাই আকর্ষণীয় ২০৭ ৰান কৰে। প্রত্যুত্তৰত ৱাৰিয়ছে ৮ উইকেটত ১৯৭ ৰানহে কৰে। এটা সময়ত লিছফিল্ডৰ প্ৰত্যাক্রমণেৰে ভৰা ইনিংছটোৰ সহায়ত ৱাৰিয়ছে জয়ৰ আশা সজীৱ ৰাখিছিল।
পিছে ষষ্ঠদশ অভাৰত লিছফিল্ড আউট হোৱাৰ পাছত ৱাৰিয়ৰ্ছৰ পৰাজয় একপ্ৰকাৰ নিশ্চিত হয়। লিছফিল্ডে ৮টা চাৰি আৰু ৫টা ছয়েৰে নিজৰ সত্তৰ ঊর্ধ্বৰ ইনিংছটো সজায়। শেষৰ ফালে, আশা সুভানাই ১০টা বলত ৩টা চাৰি আৰু দুটা ছয়েৰে অবিজিত ২৭ ৰান কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ইয়াৰ আগেয়ে অধিনায়িকা এছলেই গার্ডনাৰৰ ৪১টা বলত ছটা চাৰি আৰু তিনিটা ছয় সম্বলিত ৬৫ ৰানৰ সহায়ত ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে গুজৰাট জায়েন্টছে ৪ উইকেটত ২০৭ ৰান কৰে।
জর্জিয়া ৱেৰহামে শেষৰফালে মাথোঁ ১০টা বলত কৰা অপৰাজিত ২৭ ৰানৰ জৰিয়তে গুজৰাটে শক্তিশালী স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। ষষ্ঠ অ'ভাৰত অ'পেনাৰ ছুফী ডিভাইনৰ (৩৮) বিদায়ৰ পাছত ক্ৰিজলৈ অহা গার্ডনাৰে তৃতীয় উইকেটত অনুষ্কা শৰ্মাৰ সৈতে (৪৪) ১০৩ ৰানৰ যুটি বান্ধি দলৰ স্ক'ৰ ১৭০ ৰানৰ সীমা পাৰ কৰোৱায়। ৱাৰিয়ৰ্ছৰ ছুফী ইকলষ্টনে সর্বাধিক দুটা উইকেট দখল কৰে।