গুজৰাট টাইটানছৰ পঞ্চম জয়, ৪ উইকেটত পৰাজিত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক : গুজৰাট টাইটানছে বৰ্তমানৰ আই পি এলত ৯ খন খেলত পঞ্চম জয়ৰ মুখ দেখিছে। প্রতিযোগিতাখনৰ কালিৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪ উইকেটত পৰাজিত কৰে গুজৰাটে। প্রথমে বেট ধৰা বেংগালুৰুৰ ১৫৫ ৰানৰ প্ৰত্যুত্তৰত গুজৰাটে অধিনায়ক শুভমন গীলৰ লগতে জুছ বাটলাৰৰ উপযোগী ইনিংছৰ সহায়ত ১৫.৫ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ১৫৮ ৰান কৰি জয়লাভ কৰে। 

বেংগালুৰুৰ পেছাৰ ভুৱনেশ্বৰ কুমাৰে ৩টা উইকেট দখল কৰি গুজৰাটক শ'লঠেকত পেলালেও অ'পেনাৰ গীলে ১৮টা বলত ৪৩ আৰু বাটলাৰে ১৯টা বলত ৩৯ ৰান কৰি দললৈ জয় কঢ়িয়াই আনে। এই জয়েৰে গুজৰাটে নিজৰ পইণ্টৰ সংখ্যা ১০লৈ বৃদ্ধি কৰিছে। ইয়াৰ আগেয়ে, গুজৰাট টাইটানছৰ আকর্ষণীয় বলিঙত তিষ্ঠিব নোৱাৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মাত্র ১৫৫ ৰানতে অল আউট হয়। বেটিং বিপর্যয়ৰ সম্মুখীন হোৱা বেংগালুৰুৱে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়। 

১৯.২ অ'ভাৰত ইনিংছ সামৰা বেংগালুৰুৰ হৈ দেৱদত্ত পাৰিকালে ২৪টা বলত সর্বাধিক ৪০ ৰান কৰে। বিৰাট কোহলীয়ে ২৮, অধিনায়ক ৰজত পাটিদাৰে ১৯, ৰোমাৰিঅ' শ্বেফার্ডে ১৭ আৰু ভুৱনেশ্বৰ কুমাৰে অপৰাজিত ১৫ ৰান কৰে। গুজৰাটৰ আৰ্ছাদ খানে ২২ ৰানত সর্বাধিক তিনিটা, ৰছিদ খান আৰু জেছন হল্ডাৰে দুটাকৈ উইকেট পায়।

Share This