ডিজিটেল ডেস্ক : গুজৰাট টাইটানছে চলিত আই পি এলত প্ৰথমটো জয়ৰ মুখ দেখিছে। দিল্লী কেপিটেলছক কালিৰ এখন খেলত ১ ৰানত পৰাজিত কৰে গুজৰাটে। প্রথমে বেট ধৰি গুজৰাটে ৪ উইকেটত ২১০ ৰান কৰিছিল। প্ৰত্যুত্তৰত দিল্লীয়ে লোকেশ ৰাহুলৰ ৫২টা বলত বিধ্বংসী ৯২ ৰান সত্ত্বেও দিল্লীয়ে ৮টা উইকেট হেৰুৱাই ২০৯ ৰানত থমকি ৰয়। দুটা বলত দুই ৰানৰ প্রয়োজন হোৱাত দিল্লীয়ে ১ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ আগেয়ে শুভমন গীল (৪৫টা বলত ৭০), ৱাশ্বিংটন সুন্দৰ (৩২ বলত ৫৫) আৰু জ'ছ বাটলাৰৰ (২৭টা বলত ৫২) অর্ধশতকীয় বৰঙনিৰ জৰিয়তে গুজৰাট টাইটানছে ৪টা উইকেট হেৰুৱাই ২১০ ৰান কৰিছিল।
গীলে অধিনায়কোচিত বেটিঙেৰে ৪৫টা বলত ৭০ ৰানৰ ইনিংছটো সজায় ৪টা চাৰি আৰু ৫টা ছয়েৰে। সুন্দৰে ৩২টা বল খেলি আউট হোৱাৰ আগেয়ে নিজৰ ৫৫ ৰানৰ ইনিংছটো সজায় ৬টা চাৰি আৰু দুটা ছয়েৰে।
আনহাতে, ফর্মলৈ উভতি অহা বাটলাৰৰ ৫২ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে তিনিটা চাৰি, ৫টা ছয়ৰ। দিল্লী কেপিটেলছৰ হৈ মুকেশ কুমাৰে দুটা, এটাকৈ উইকেট পায় লাংগী এনগিডিআৰু কুলদীপ যাদৱে।