ডিজিটেল ডেস্ক: গুজৰাট টাইটানছে চলিত আই পি এলত চতুর্থ জয় সাব্যস্ত কৰিছে। অপেনিং বেটাৰ ছাই সুদৰ্শনৰ আকর্ষণীয় ৮৭ ৰানৰ লগতে বলাৰৰ নিয়ন্ত্রিত বলিঙৰ সহায়ত আই পি এলৰ কালিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাজিত কৰে গুজৰাট টাইটানছে।
চেন্নাইক পোনতে ৭ উইকেট ১৫৮ ৰানত সীমিত ৰখাৰ পাছত গুজৰাটে ২০ বল বাকী থকা অৱস্থাত ২টা উইকেট হেৰুৱাই ১৬২ ৰান কৰি প্ৰতিযোগিতাখনত চতুৰ্থটো জয়ৰ মুখ দেখে। ৪৬টা বলত চাৰিটা বাউণ্ডেৰী আৰু ৭টা ছয়েৰে নিজৰ ইনিংছটো সজোৱা সুদর্শনে প্রথমে অধিনায়ক শুভমন গীলৰে (৩৩) মিলি অপেনিঙৰ যুটিত ৫৮ ৰানৰ সংযোজন ঘটায়। ইয়াৰ পাছত জুছ বাটলাৰৰ (অপঃ ৩৯) সৈতে দ্বিতীয় উইকেটত আন ৯৭ ৰানৰ যুটি বান্ধি দললৈ সহজ জয় কঢ়িয়াই আনে সুদর্শনে। ইয়াৰ আগেয়ে, অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ অবিজিত ৭৪ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে ৭ উইকেটত ১৫৮ ৰান কৰিছিল।
গাইকোৱাডে ৬০টা বল খেলি ছটা চাৰি আৰু চাৰিটা ছয়েৰে দলৰ হৈ সৰ্বাধিক ৰানৰ অৱদান যোগায়। শেষৰ ফালে জেমী অ'ভার্টনে ছটা বলত তিনিটা চাৰি আৰু ১টা ছয়েৰে ১৮ ৰান গোটাই দলৰ স্ক'ৰ ১৫০ ৰানৰ সীমা পাৰ কৰোৱায়। সঞ্জু ছেমছন (১১), শিভম ডুবেই (২২) আৰু কার্তিক শৰ্মাই ১৫ ৰান কৰে। গুজৰাটৰ পেচাৰ কাগিছু ৰাবাডাই সর্বাধিক তিনিটা আৰু আৰ্শ্বাদ খানে দুটা উইকেট দখল কৰে।