ডিজিটেল ডেস্ক : ভাৰতে মহাকাশ খণ্ডত দ্রুতভাৱে ইয়াৰ উপস্থিতি সবল কৰিছে। শেহতীয়াকৈ গুজৰাটত এটা নতুন মহাকাশ গৱেষণা কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। অন্ধ্র প্রদেশ আৰু তামিলনাডুৰ পাছত গুজৰাটত স্থাপন কৰা হ'ব দেশৰ তৃতীয়টো কৃত্রিম উপগ্রহ উৎক্ষেপণ কেন্দ্র।
গুজৰাট চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, আৰব সাগৰৰ উপকূলীয় অঞ্চলত গিৰ সোমনাথৰ সমীপত এই কৃত্রিম উপগ্ৰহৰ উৎক্ষেপণ কেন্দ্ৰটোৰ প্ৰস্তাৱিত স্থান হিচাপে নির্বাচিত কৰা হৈছে।
গুজৰাটৰ বিজ্ঞান-প্রযুক্তি বিভাগৰ মন্ত্ৰী অর্জুন মাধৱাচিয়াই গিৰ সোমনাথৰ সমীপত এই প্ৰস্তাৱিত ঠাইখনৰ কথা উল্লেখ কৰে। ডিউ আৰু কোডিনাৰৰ মাজৰ এই অঞ্চলটো ছেটেলাইট উৎক্ষেপণৰ কৌশলগত স্থান হিচাপে বিবেচনা কৰিছে গুজৰাট চৰকাৰে।