চাৰি সন্তানক লৈ শ্মশানৰ কাষৰ কুঁৱাত জাঁপ এগৰাকী মাতৃৰ

Rashmi April 05, 2025

ডিজিটেল ডেস্ক : এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুজৰাটৰ জামনগৰ। আজি কুঁৱাৰ পৰা এগৰাকী মহিলাৰ লগতে তেওঁৰ চাৰি সন্তানৰ নিথৰ দেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। মৃত মহিলাগৰাকী ভানুবেন জিবাভাই তৰিয়া বুলি জানিব পৰা গৈছে । তেওঁৰ চাৰি সন্তান ক্ৰমে আয়ুষ, আজু, আনন্দী আৰু হৃত্বিক। চাৰিওটা  সন্তানৰ বয়স ৩-১০ বছৰৰ ভিতৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

আজি পুৱা পাঁচজনকে কুঁৱাৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । লগে লগে আটাইকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে পাঁচোজনক মৃত ঘোষণা কৰে। এতিয়া প্ৰশ্ন হয় কিয় চাৰি সন্তানক লৈ এইদৰে মহিলাগৰাকীয়ে কুঁৱাত জাঁপ দিলে। এয়া‌ হত্যা নে আত্মহত্যা। 

ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়াল আৰু গাঁওবাসীৰ সৈতে কথা পাতি তথ্য আহৰণৰ চেষ্টা চলাইছে । মহিলাগৰাকীৰ আত্মীয় মুংগাভাই তৰিয়াই দাবী কৰিছে যে কেইবাদিনো ধৰি ভানুবেনৰ পৰিয়ালটো আৰ্থিক সংকটত পৰিছিল। ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে পৰ্যাপ্ত ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়ে আত্মীয় লোকে দাবী কৰে যে মানসিক বিষণ্ণতাৰ বাবেই এই চৰম সিদ্ধান্ত বাছি ল'লে মহিলাগৰাকীয়ে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ।

Share This