অজিত কুমাৰ ভূঞাৰ প্ৰশ্নত সংসদত উন্মোচিত দুৰৱস্থা, গুৱাহাটী এইমছত আৰম্ভই হোৱা নাই ৫টাকৈ গুৰুত্বপূৰ্ণ বিভাগ

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক: অসমৰ ৰাইজৰ আশাৰ অনুষ্ঠান আছিল গুৱাহাটী এইম্‌ছ। আজিৰ পৰা তিনি বছৰৰ পূর্বেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ গুৱাহাটীত ৰাইজৰ বাবে মুকলি কৰি দিছিল। কিন্তু আজিও গুৱাহাটী এইমছে নাপালে পূর্ণতা। 

আজিৰ তাৰিখত এই শিক্ষা প্রতিষ্ঠান তথা চিকিৎসালয়খনত পাঁচটাকৈ গুৰুত্বপূৰ্ণ বিভাগ আৰম্ভ কৰা হোৱাই নাই। আনহাতে যি ৩৭টা বিভাগ আৰম্ভ কৰিছে, তাৰো বহুকেইটা বিভাগতে নাই পর্যাপ্ত অধ্যাপক তথা বিশেষজ্ঞ চিকিৎসক। দুই-এজন অধ্যাপকক লৈয়ে জোৰা-টাপলি মাৰি চলাই থকা হৈছে শিক্ষা প্রতিষ্ঠানখন। একেদৰে খালী হৈ আছে সাত শতাধিক অনাশৈক্ষিক পদো। 

কালি ৰাজ্য সভাত গুৱাহাটী এইম্‌ছৰ এই শোচনীয় অৱস্থাৰ কথা প্রকাশ কৰে খোদ কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে প্ৰকাশ কৰা মতে গুৱাহাটী এইমছত এতিয়ালৈকে এনড্ৰক্রিনল'জী, গেষ্টোএন্ট্রোলজি, নেফ্রলজি, নিউক্লিয়াৰ মেডিচিন আৰু ছার্জিকেল গেষ্টোএন্ট্রোলজি বিভাগ আৰম্ভ হোৱাই নাই। অথচ এই পাঁচোটা বিভাগেই অত্যন্ত গুৰুত্বপূর্ণ বিভাগ হিচাপে বিবেচিত হৈ আহিছে। ইফালে ইউৰ'লজিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত হৈ আছে মাত্ৰ এগৰাকী অধ্যাপক। কার্ডিঅ'লজি, মেডিকেল অংকলজি, নিউৰ'ছাৰ্জাৰি, পেডিয়েট্রিক ছাৰ্জাৰি, ছার্জিকেল অংকলজি আদি বিভাগো মাত্ৰ এগৰাকী অধ্যাপক চিকিৎসকে চলাই আছে। 

ইফালে বার্ন এণ্ড প্লাষ্টিক ছাৰ্জাৰি বিভাগ, কার্ডিঅ'থৰেচিক আৰু ড, ভেছকুলাৰ ছাৰ্জাৰি, পালমোনাৰী মেডিচিন বিভাগত মাত্র দুজন অধ্যাপক চিকিৎসকে কাৰ্যনিৰ্বাহ কৰি আছে। সকলোতকৈ ডাঙৰ কথা যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র এই হোৱাৰ পাছতো চিকিৎসালয়খনত চৰকাৰে অনুমোদন জনোৱাৰ পাছতো বৃহৎ সংখ্যক পদ খালী কৰি ৰাখিছে। খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদৰ মজিয়াত প্ৰকাশ কৰা মতে আজিৰ তাৰিখত গুৱাহাটী এইমছত খালী হৈ আছে ৬৬টাকৈ অধ্যাপকৰ পদ। একেদৰে খালী হৈ আছে ৭৫১টাকৈ অনা শৈক্ষিক পদ। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা বিস্তৃত তথ্য অনুসৰি গুৱাহাটী এইমছত অনুমোদিত অধ্যাপকৰ পদৰ সংখ্যা হৈছে ১৮৩টা। ইয়াৰে ভিতৰত এতিয়ালৈকে পূৰণ হৈ আছে ১১৭টা পদ। আনহাতে অনা শৈক্ষিক ক্ষেত্রত অনুমোদিত পদৰ সংখ্যা হৈছে ১৬৩০টা। ইয়াৰে ভিতৰত ৮৭৯টা পদ পূৰণ হৈছে যদিও ৭৫১টাকৈ পদ এতিয়াও খালী হৈয়ে আছে। 

উল্লেখযোগ্য যে বহু বিতৰ্কৰ পাছত গুৱাহাটীৰ নিকটৱৰ্তী চাংসাৰিত এইম্‌ছ স্থাপন হোৱাৰ পিছত ৰাজ্যৰ জনগণে উন্নত চিকিৎসা লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু ৰাইজৰ এই প্রত্যাশা আজিও পূৰণ হোৱা নাই। ৰাজ্যৰ আন চিকিৎসা প্রতিষ্ঠানতকৈ অধিক উন্নত আৰু সুবিধাজনক চিকিৎসা লাভৰ আশাত আজিৰ তাৰিখত এইমছলৈ দৈনিক হাজাৰ হাজাৰ ৰোগী যায় যদিও তাৰ পৰা আকৌ বহুতকে জি এম চি এইচলৈহে প্ৰেৰণ কৰে। ফলত উন্নত চিকিৎসাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰোগী।

Share This