গুৱাহাটীৰ ভেটাপাৰাত ভয়ংকৰ ঘটনা ; ৰাজপথত সামান্য দূৰ্ঘটনাক লৈয়ে কাজিয়াৰ সৃষ্টি

Rashmi May 27, 2025

ডিজিটেল ডেস্ক : গুৱাহাটীৰ ভেটাপাৰাত ভয়ংকৰ ঘটনা ৷ কাজিয়া ভাঙিবলৈ গৈছিল ৰাহুল আলী নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে । প্ৰত্যক্ষদৰ্শী ৰাহুলক ৰডেৰে বৰ বেয়াকৈ প্ৰহাৰ কৰে দূৰ্ঘটনা সংঘটিত কৰা স্কুটাৰখনৰ চালক দীপ গগৈয়ে । 

দীপ গগৈৰ প্ৰহাৰত মুমূৰ্ষু অৱস্থাত পৰি থকা ৰাহুলক প্ৰথমে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় এখন ব্যক্তিগত চিকিৎসালয়ত ।

ঘটনাস্থলীত বশিষ্ট আৰক্ষী উপস্থিত হৈ আটক কৰে ৰাজপথত গুণ্ডামি কৰা স্কুটাৰচালক দীপ গগৈক । দুৰ্ঘটনাটো সংঘটিত হৈছিল স্কুটাৰ আৰু এখন মেজিকৰ মাজত । দূৰ্ঘটনা সংঘটিত কৰা স্কুটিখনৰ গৰাকী দীপ গগৈ আছিল সুৰাসক্ত অৱস্থাত ।

 দুয়োপক্ষৰ কাজিয়া ভাঙিবলৈ গৈছিল হাতীগাঁও  নিৱাসী ৰিক্সাচালক ৰাহুল আলীয়ে । স্কুটাৰখনৰ গৰাকী দীপ গগৈয়ে প্ৰহাৰ কৰে কাজিয়া ভাঙিবলৈ যোৱা লোকজনক। 

স্কুটাৰখনৰ পৰাই এডাল ৰডৰ টুকুৰা উলিয়াই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৰাহুলক । ইফালে আটক কৰি থানালৈ অনাৰ পাছতো থানাৰ ভিতৰতে চূড়ান্ত অসভ্যালি দীপ গগৈৰ । থানা চৌহদতে আৰক্ষীকো অশ্লীল গালি-গালাজ কৰাৰ লগতে উদ্যত হয় মাৰিবলৈও ।

জানিব পৰা মতে অত্যাধিক সুৰাসক্ত অৱস্থাত আছিল গগৈ । গগৈৰ মাতৃও অসম আৰক্ষীতে কৰ্মৰত । চাকৰি কৰে 10AP বেটেলিয়ানত । উল্লেখযোগ্য যে সুৰাৰ ৰাগীত মাতাল হৈ থকা দীপ গুণ্ডাৰ ঘৰ চৰাইদেউত । এটা ব্যক্তিগত বেংকত কৰ্মৰত দীপ গগৈ আগতেও হৈছিল ৰঙা ঘৰৰ আলহী ।খবৰ অনুসৰি কেইবাবাৰো মাৰপিটৰ ঘটনাত জড়িত হৈ ৰঙা ঘৰৰ আলহী হৈছিল গগৈ ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This