ডিজিটেল ডেস্কঃ গ্ৰন্থপ্ৰেমী ৰাইজৰ বহু প্রতীক্ষিত অসম গ্রন্থমেলা, গুৱাহাটীৰ লাইখুঁটা কালি খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত স্থাপন কৰা হয়। ৰাজ্য চৰকাৰে ঘোষণা কৰা 'গ্রন্থ-বর্ষ'ৰে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই অহা ২৪ ডিচেম্বৰৰ পৰা আগন্তুক নৱবৰ্ষ ২০২৬ৰ ৬ জানুৱাৰীলৈ যৌথভাৱে অনুষ্ঠিত কৰিব গ্রন্থমেলাখন।
গ্রন্থমেলাখনৰ লাইখুঁটা স্থাপন কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে গুৱাহাটীৰ অসম গ্রন্থমেলালৈ মানুহে বৰ আগ্ৰহেৰে বাট চাই থাকে। এইবছৰ এই অপেক্ষাৰ অন্ত পৰিবলৈ মাজত আৰু মাত্র কেইটামান দিন। অসম গ্রন্থমেলা, গুৱাহাটী এতিয়া অসমৰ মানুহৰ বাবে হেঁপাহ আৰু সন্মানৰ বিষয়। গ্রন্থমেলা সম্প্ৰতি ৰাজ্যখনৰ প্রান্তে প্রান্তে সম্প্ৰসাৰণ ঘটিছে। গ্রন্থ আন্দোলনৰ এই জয়যাত্রা আশাব্যঞ্জক। ইয়াৰ ফলত সুস্থ বৌদ্ধিক বাতাৱৰণ আৰু অধ্যয়ন সংস্কৃতিয়ে আমাক সমৃদ্ধ কৰিব। মহন্তই সকলোকে নিৰাপত্তাৰ দিশত সচেতন হৈ গ্রন্থমেলা উপভোগ আৰু গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায়। অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহা, পৰিষদৰ সচিব প্রমোদ কলিতা, পৰিষদৰ সদস্য ড° ছাইদুল ইছলামকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত ৰঞ্জিতা গোস্বামীৰ নেতৃত্বত এটি দিহানামৰ দলে নাম পৰিৱেশন কৰে।
এই অনুষ্ঠানতে গ্ৰন্থপ্ৰেমীৰ বাবে প্রস্তুত কৰা 'অসম গ্রন্থমেলা, গুৱাহাটী'ৰ প্ৰৱেশ-পত্ৰ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে অহা ২৪ ডিচেম্বৰত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত দেশৰ বিশিষ্ট সাহিত্যিক আমিশ ত্রিপাঠীয়ে অংশগ্রহণ কৰিব। তদুপৰি ২৮ ডিচেম্বৰত বিশিষ্ট লেখক, চিত্রনাট্যকাৰ তথা কবি-গীতিকাৰ অক্ষত গুপ্ত, ৩ জানুৱাৰীৰ বহুভাষিক কবি সন্মিলনত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কার্তিক নায়ক, উত্তৰ প্ৰদেশৰ বিশিষ্ট কবি গৌৰৱ পাণ্ডে আৰু ৫-৬ জানুৱাৰীত ওড়িষাৰ প্রখ্যাত লেখক পাৰমিতা শথপথী উপস্থিত থাকিব।