ডিজিটেল ডেস্ক : মুষলধাৰ বৰষুণে স্তব্ধ কৰি তুলিছে মহানগৰবাসীৰ জনজীৱন। বুধবাৰৰ বিয়লিৰ নেৰানেপেৰা বৰষুণৰ পাছতে গুৱাহাটীত সৃষ্টি হোৱা অবর্ণনীয় পৰিস্থিতিৰ পাছত বৃহস্পতিবাৰৰ দিনটোতো বিয়লিৰ মুষলধাৰ বৰষুণত গুৱাহাটীৰ প্রতিটো প্রান্ততে সৃষ্টি হোৱা ভয়ংকৰ বানে মহানগৰবাসীক নগুৰ-নাগটি কৰে। প্ৰায়বোৰ ঠাইতে সৃষ্টি হোৱা বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পানীৰ মাজত বাহনসমূহ আবদ্ধ হৈ পৰাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি গুৱাহাটীৰ ৰাজপথত তীব্র যান-জঁটৰ সৃষ্টি হয়। উল্লেখযোগ্য যে কৃত্রিম বানৰ সমাধানৰ বাবে চৰকাৰ তথা দায়িত্বশীল বিভাগে বিজ্ঞানসন্মত আঁচনি আৰু পৰিকল্পনা নকৰাৰ বাবেই সমস্যা অধিক গভীৰ হৈ গৈ আছে। বিশেষকৈ নলা, নর্দমা নিষ্কাশনৰ কামত কৰা গাফিলতিৰ বাবেই মহানগৰৰ বান সমস্যা সমাধানহীন হৈ পৰিছে।
পৌৰ নিগমে কেৱল মহানগৰৰ মূল নলা-নর্দমাসমূহ পৰিষ্কাৰ কৰাত গুৰুত্ব দি অধিকাংশ ভিতৰুৱা অঞ্চলৰ নলা-নর্দমাসমূহৰ জাবৰ নিষ্কাশন নকৰাত সমস্যা অধিক বৃদ্ধি পাইছে। চৰকাৰ তথা দায়িত্বশীল বিভাগৰ অবিবেচক কাণ্ডৰ বাবে প্রত্যেক বছৰে শ শ কোটি টকা আবণ্টন লাভ কৰাৰ পাছতো সময়ত মহানগৰৰ সকলো নলা-নর্দমা পৰিষ্কাৰ কাৰ্য সম্পূৰ্ণ হৈ নুঠে। আৱাসিক-বাণিজ্যিক অঞ্চলসমূহৰ নলা-নর্দমাসমূহ সঘনাই লেতেৰা হয় যদিও এইবোৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাত গুৰুত্ব দিয়া নাই। মহানগৰৰ বিভিন্ন বাৰ্ডৰ নলা নর্দমাসমূহ এতিয়াও পৰিষ্কাৰ নকৰাকৈয়ে পৰি আছে। বাৰিষাৰ প্ৰাক্মুহূৰ্তত গুৱাহাটী পৌৰ নিগম আৰু গড়কাপ্টানী বিভাগে প্রথম পর্যায়ত বিভিন্ন অঞ্চলৰ নলা-নর্দমাসমূহৰ পৰিষ্কাৰ কৰাৰ কাম সম্পূর্ণ কৰিব লাগে যদিও সকলো অঞ্চলতে পৰিষ্কাৰ কাৰ্য সম্পূৰ্ণ নকৰে। যাৰ ফলত বৰষুণৰ পানী জাৱৰভৰ্তি নলাসমূহেৰে পৰিবাহী হ'ব নোৱৰাৰ বাবেই কৃত্রিম বানৰ সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। আনহাতে, মহানগৰৰ কৃত্রিম বান ৰোধৰ ক্ষেত্ৰত পৌৰ নিগমৰ লাখ টকীয়া ৰবট ব্যৰ্থ হোৱাৰ পাছত গুৱাহাটী পৌৰ নিগমে ক্রয় কৰিছিল কোটি টকীয়া ছুপাৰ ছাকাৰ। নলাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ বাবে ১২টা ছুপাৰ ছাকাৰ মেচিন আৰু ২৪খন টেংকাৰ গুৱাহাটী স্মার্ট চিটি লিমিটেডৰ জৰিয়তে ক্ৰয় কৰি অনা হৈছিল। কিন্তু কোটি কোটি টকা খৰচ কৰাৰ পাছতো কৃত্রিম বানৰ সমস্যাৰ সমাধান নহ'ল। কৃত্রিম বানৰ নামত নামত কোটি টকীয়া ছাকাৰেও ব্যর্থতা গ্রহণ কৰিলে।
লক্ষণীয়ভাৱে ২০১৬ চনত ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত ড° হিমন্ত বিশ্ব শর্মাই অন্যান্য দপ্তৰৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ বাবে প্ৰথম অৱস্থাত একাধিক সমস্যা সমাধান কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান স্বৰূপ আছিল। তেওঁৰ দায়িত্ব কালত অৱশ্যে বিশেষ কেইটামান উন্নয়নমূলক কাম কৰাৰ লগতে আঁচনি গ্রহণ কৰিছিল যদিও অধিকাংশই আধৰুৱা হৈ থাকি গ'ল। ইয়াৰ পাছত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল সিদ্ধার্থ ভট্টাচার্যক। কিন্তু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে সিদ্ধার্থ ভট্টাচাৰ্যই প্রায় চাৰিটা বছৰ থকাৰ পাছতো উন্নয়নৰ ক্ষেত্ৰত মহানগৰবাসীৰ মুখত তেওঁ চেঁচাপানীহে ঢালিলে। ইয়াৰ পাছত হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত নতুন মন্ত্রীসভাত বিধায়ক অশোক সিংহলে আন দায়িত্বৰ লগতে লাভ কৰিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব। কিন্তু অশোক সিংহলেও গুৱাহাটীৰ উন্নয়নৰ গধুৰ দায়িত্ব লৈ এই ক্ষেত্রত বিফলতাহে গ্রহণ কৰা পৰিলক্ষিত হ'ল। বর্তমান গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্রী জয়ন্ত মল্লবৰুৱায়ো বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণত বিফলতা গ্রহণ কৰা বুলিহে নাগৰিকে প্রতিক্রিয়া প্রকাশ কৰিছে। এনেদৰেই চৰকাৰ তথা দায়িত্বশীল মন্ত্রী, বিভাগ তথা বিষয়াৰ বিফলতাৰ বিপৰীতে এজাক বৰষুণ আহিলেই প্রতিটো খোজতে মহানগৰবাসী সমস্যা আৰু যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়াত পৰাৰ লগতে মহানগৰৰ আভিজাত্য আৰু চৰকাৰৰ ঢাক-ঢোল বজোৱা উন্নয়ন ধূলিসাৎ হৈ পৰে।