দিন দুপৰতে গুৱাহাটী মহানগৰীত চাঞ্চল্যৰ ঘটনা

Rashmi April 21, 2025

ডিজিটেল ডেস্ক : ক্ৰমাৎ যেন ভ‌য়ংকৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ চৌদিশ। গুৱাহাটী মহানগৰীত
দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটাৰ পিছত আনটো ভয়ংকৰ ঘটনা। তেনে সময়তে আজি গুৱাহাটীৰ উলুবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা।  চোকা অস্ত্ৰৰে এজন যুৱকক আক্ৰমণৰ চেষ্টা। একাংশৰ উপস্থিতিত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ।

উলুবাৰীত প্ৰাগ নিউজৰ মুখ্য কার্যালয়ৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনাটো। চোকা অস্ত্ৰ উলিওৱা সময়তেই প্ৰাগ নিউজৰ ছিকিউৰিটিয়ে বাধা প্ৰদান কৰে। প্ৰাগ নিউজৰ এগৰাকী মহিলা ছিকিউৰিটিয়ে প্ৰাণ ৰক্ষা কৰিলে যুৱকজনক। যাৰ বাবে ছিকিউৰিটিগৰাকীৰ প্ৰশংসা কৰিছে একাংশই। হাতত চোকা অস্ত্ৰ লৈ এনেদৰে যুৱকক আক্ৰমণ কৰিবলৈ যোৱা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক।

উল্লেখযোগ্য যে প্ৰথমতে দুই যুৱকৰ সৈতে হৈছিল তৰ্কা-তৰ্কি। আৰু শেষত এই তৰ্কা-তৰ্কিয়ে লয় ভয়ংকৰ ৰূপ। অৱশেষত আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় ছিকিউৰিটি মহিলাগৰাকীয়ে।

Share This