স্নাতক পাঠ্যক্ৰমৰ চতুর্থ বর্ষত অনুমতি-স্বীকৃতিৰ বাবে অভূতপূর্ব হাৰত মাচুল আৰোপ, গুৱাহাটী বিশ্ববিঃ কৰ্তৃপক্ষৰ বিৰুদ্ধে কলেজ অধ্যক্ষ পৰিষদৰ গর্জন

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে এইবৰ্ষত সকলোবোৰ মাচুল অতি উচ্চহাৰত বৃদ্ধি কৰিছে। কিন্তু এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি-নিয়মৰ মাজেদি হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অনুমোদন নোহোৱাকৈ, কাৰ্যবাহী পৰিষদক অন্ধকাৰত ৰাখি বিশ্ববিদ্যালয়ৰ কেইজনমান বিষয়াই এই মাচুল বৃদ্ধিৰ ব্যৱস্থা কৰিছে, যি অসমৰ উচ্চ শিক্ষাৰ বাবে ক্ষতিকাৰক। এনে পৰিস্থিতিত সমগ্ৰ বিষয়টোক লৈ উদ্বেগ ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ হস্তক্ষেপ বিচাৰিছে অসম কলেজ অধ্যক্ষ পৰিষদে। আনকি ছাত্র-ছাত্রীসকলক সংকটত পেলোৱা বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° ধর্মেন্দ্র নাথ আৰু সাধাৰণ সম্পাদক ড° ৰঞ্জন কলিতাই প্রকাশ কৰিছে যে বিগত পাঁচ বছৰত বিশ-ত্রিশ বছৰৰ পূৰ্বৰ এফিলিয়েশ্যনৰ আনুমানিক বকেয়াৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ে একো একোখন মহাবিদ্যালয়ৰ পৰা ত্রিশ-চল্লিশ লাখ বা তাতকৈ বেছি পৰিমাণৰ ধন সংগ্ৰহ কৰিছে। 

বিশ্ববিদ্যালয় কর্তৃপক্ষই নতুন শিক্ষা নীতিৰ আধাৰত আৰম্ভ কৰিবলগীয়া স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক কোনো পৰিকল্পনা দাঙি নধৰাকৈ কেৱল অতি উচ্চ হাৰত চতুৰ্থবৰ্ষৰ মাচুল বৃদ্ধিৰ জাননী জাৰি কৰাত মহাবিদ্যালয়সমূহ বিপাঙত পৰিছে বুলি জনাই তেওঁলোকে কয়, 'ৰাজ্যৰ অগ্রণী শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে এফালে যিদৰে বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰিছে, ঠিক সেইদৰেই মহাবিদ্যালয়ৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ শ্ৰেণী অনুমতি আৰু স্বীকৃতি প্ৰদানৰ বাবেও নোহোৱা-নোপজা কিছুমান মাচুল আৰোপ কৰিছে। 

যিসময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুর্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্রদান কৰিছে, সেই একেটা শিক্ষা বর্ষতে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে কলেজসমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্রতিটো শাখাৰ বাবে ১০৫০০ টকাৰ উপৰি প্ৰতিটো বিষয়ৰ বাবে ১০৫০০ টকাকৈ মাচুল জমা দিলেহে কলেজত চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ অনুমতি দিব বুলি জাননী জাৰি কৰিছে। অর্থাৎ, এখন মহাবিদ্যালয়ে যদি তিনিটা শাখাত ১৫টা বিষয়ত চতুৰ্থ বৰ্ষ আৰম্ভ কৰে, বিশ্ববিদ্যালয়ক প্রায় দুই লাখ টকা দিব লাগিব আৰু পৰৱৰ্তী বৰ্ষবোৰত অকল চতুৰ্থ বৰ্ষৰ বাবে বছৰি ডেৰ লাখতকৈ অধিক স্বীকৃতি নবীকৰণ ফিজ দি থাকিব লাগিব। অকল এয়ে নহয়, চলিত বর্ষলৈকে প্রতিটো বিষয়ৰ বাবেহে কলেজে বিশ্ববিদ্যালয়ক এবাৰহে স্বীকৃতি নবীকৰণ ফিজ দিব লাগিছিল। কিন্তু এইবাৰ বিশ্ববিদ্যালয়ে জাৰি কৰা নতুন জাননী মতে কলেজসমূহে প্রতিটো বিষয়ৰ ফিজ প্রতিটো শ্ৰেণীৰ বাবেও প্রতিবছৰে দিব লাগিব। অৰ্থাৎ, পূৰ্বৰ তুলনাত কলেজসমূহে এফিলিয়েশ্যন ফিজ চাৰিগুণ বেছিকৈ বিশ্ববিদ্যালয়ক দিব লাগিব, তাকো বর্ধিত হাৰত। তাতোকৈ আচৰিত কথা এই যে, বর্ধিত হাৰত চাৰিগুণ এফিলিয়েশ্যন ফিজ দিয়াৰ উপৰি কলেজসমূহে এই বৰ্ষৰ পৰা বিশ্ববিদ্যালয়ক প্ৰতিটো শ্ৰেণীৰ বাবে অনুমতি নবীকৰণ মাচুলো দিব লাগিব যিবোৰ আগতে দিব নালাগিছিল। 

অধ্যক্ষ পৰিষদৰ সভাপতি, সম্পাদকে প্রকাশ কৰা মতে, 'তবধ মানিবলগীয়া কথাটো হ'ল যে কোনো এখন কলেজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতি আৰু অনুমতি বিচাৰিলে যেনেকৈ মাচুল দিব লাগে, তেনেকৈ কোনো কলেজে যদি অনুমতি বাতিল কৰে, তেতিয়াও ১৫০০০ কৈ প্রতিটো বিষয়ত মাচুল দিব লাগিব। অর্থাৎ কলেজ এখনক যদি চৰকাৰে নতুন এখন বিশ্ববিদ্যালয়ৰ অধীনলৈ লৈ যায়, তেতিয়া সেই কলেজখনে গুৱাহাটী বিশ্ববিদ্যালয়ক প্রতিটো বিষয়ৰ অনুমতি হস্তান্তৰ কৰা বাবে ১৫০০০ কৈ মাচুল দিব লাগিব। জাননী মতে, কাৰ্যবাহী পৰিষদৰ অনুমোদন নোহোৱাকৈ মহাবিদ্যালয়বোৰত প্ৰভাৱ পৰা আৰু বহু ফিজ অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে। কিছুমান ফিজ তিনি বছৰত এশ শতাংশতকৈ বেছি বৃদ্ধি কৰিছে। মহাবিদ্যালয় উন্নয়ন পৰিষদ (College Development Council)ৰ সভাত সিদ্ধান্ত লৈ বিশ্ববিদ্যালয়ৰ নীতি পৰিৱৰ্তন, কিছুমান ফিজ নিৰ্ধাৰণো কৰা বুলি উল্লেখ কৰিছে। এই মহাবিদ্যালয় উন্নয়ন পৰিষদ আচলতে এটা পৰামৰ্শদাতা গোট। তেওঁলোকৰ কোনো কাৰ্যকৰী ক্ষমতা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনত কোনো মহাবিদ্যালয় উন্নয়ন পৰিষদ ব্যৱস্থাৰ উল্লেখ নাই। 

আনহাতে উন্নয়ন পৰিষদৰ সভাত স্থায়ী স্বীকৃতিৰ নীতি সলনি কৰি আগতে প্ৰতিটো শাখাৰ বছৰেকীয়া ফিজ বর্তমানে শাখাটোৰ ভিতৰত থকা প্ৰতিটো বিষয়ত নিৰ্ধাৰণ কৰি সংগ্ৰহ কৰি আছে। বিকম সাধাৰণ পাঠ্যক্রমত আকৌ প্ৰতিখন কাকতৰ বিপৰীতে ফিজ সংগ্ৰহ কৰি আছে। অধ্যক্ষ পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ে অভাৱনীয় হাৰত বৃদ্ধি কৰা এই মাচুলৰ মাধমাৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰিব বুলি জনাই মহাবিদ্যালয়সমূহে বদ্ধিত হাৰত এই লক্ষ লক্ষ টকা কৰ পৰা দিব বুলিও প্রশ্ন তুলিছে।

Share This