হাকিম আলীৰ দ্বি-মুকুট অর্জন, নৱম সমৰেন্দ্ৰ ৰাজকুমাৰ ভেটাৰেন টেনিছ সম্পন্ন

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক : যোৰহাট টেনিছ ক্লাবৰ ক'ৰ্টত অনুষ্ঠিত নৱম সমৰেন্দ্ৰ ৰাজকুমাৰ ভেটাৰেন টেনিছ টুর্নামেণ্টত দুলীয়াজানৰ হাকিম আলীয়ে দ্বি-মুকুট অর্জন কৰে। হাকিম আলীয়ে ধ্ৰুৱজ্যোতি হাজৰিকাৰ লগত যুটি বান্ধি ৪৫ বছৰ ঊর্ধ্বৰ ডাবোলছত খিতাপ অর্জন কৰে। ফাইনেলত তেওঁলোকে ধেমাজিৰ গোপাল গগৈ আৰু ভাস্কৰ বৰুৱাৰ যুটিক ৯-৫ ছেটত পৰাজিত কৰি অশোক চন্দ্ৰ বৰঠাকুৰ ট্ৰফী অর্জন কৰে। তেওঁলোকক বঁটা প্ৰদান কৰে ট্ৰফীৰ দাতা ৰাজকুমাৰ বৰঠাকুৰে।

আনহাতে, হাকিম আলীয়ে যোৰহাটৰ দেৱজ্যোতি বৰপূজাৰীৰ লগত যুটি বান্ধি ৫৫ বছৰ ঊর্ধ্বৰ ডাবোলছ খিতাপো জয় কৰে। ফাইনেলত তেওঁলোকে বোকাখাতৰ ডাঃ ভাৰত ফুকন আৰু এন আৰ এলৰ ডাঃ দিগন্ত কোঁৱৰৰ যুটিক ৯-৮ ছেটত পৰাজিত কৰি মদনলাল আগৰৱালা ট্ৰফী অর্জন কৰে। সুৰেশ সিংহীয়ে আগবঢ়োৱা এই ট্ৰফী প্ৰদান কৰে ৰাজকুমাৰ বৰঠাকুৰে।

ইফালে ৬৫ বছৰ ঊর্ধ্বৰ ডাবোলছ খিতাপ অর্জন কৰে যোৰহাটৰ দিলীপ কুমাৰ সোমানী আৰু বোকাখাতৰ ভাৰত কুমাৰ ফুকনৰ যুটিয়ে। আনহাতে, ৰানাৰ আপ হয় শিৱসাগৰৰ দিগন্ত বৰবৰুৱা আৰু হাফলঙৰ হাইদৰ আলীৰ যুটি। চেম্পিয়ন দলক কৌস্তৱ বৰুণ বৰবৰাই আগবঢ়োৱা অসম ছিল্ক কালচাৰ ট্ৰফী প্রদান কৰে ডিম্পী বৰুৱা বৰবৰাই। প্রতিযোগিতাৰ ৩৫ বছৰ ঊর্ধ্বৰ ডাবোলছ খিতাপ জয় কৰে যোৰহাটৰ কৌস্তৱ বৰুণ বৰবৰা আৰু ৱামিকু আনচাৰী যুটিয়ে। ফাইনেলত তেওঁলোকে শিৱসাগৰৰ পিয়ংকু কপিল বৰপূজাৰী আৰু তনভিৰ ইকবালৰ যুটিক ৯-৪ ছেটত পৰাজিত কৰে। চেম্পিয়ন দলে গৌতম বৰুৱাই আগবঢ়োৱা অনিল কুমাৰ বৰুৱা ট্ৰফী লাভ কৰে। এই ট্ৰফী প্ৰদান কৰে অংকন ৰাজকুমাৰে।

Share This