ডিজিটেল ডেস্ক : প্রায় ২০ বছৰ ধৰি পেলেষ্টাইনৰ অঞ্চল গাজা ষ্ট্ৰিপত সশস্ত্র আইনৰ সৈতে দৈনন্দিন প্রশাসন ব্যৱস্থা নিয়ন্ত্ৰণ কৰি থকা সন্ত্রাসবাদী গোট হামাছে গাজাৰ শাসনভাৰ পৰিত্যাগ কৰিছে। হামাছে গাজাৰ মন্ত্ৰ্যালয়, স্কুল-কলেজ, পৌৰ নিকায়-নিগম, স্বাস্থ্য প্রতিষ্ঠানত নিয়ন্ত্ৰণ ৰখাৰ লগতে এটা সশস্ত্র সংস্থাৰ কাম-কাজো চলাই আছিল। সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত হৈ থকাৰ সময়তে আৰু ইৰানত সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ শেষকৃত্যৰ কাৰ্যসূচীত সকলোৰে দৃষ্টি নিবদ্ধ থকাৰ সময়তে বহু চৰ্চিত গাজাত বিশ্বৰ অন্যতম চর্চিত ৰাজনৈতিক ঘোষণা এটা হয়।
পেলেষ্টাইনী অঞ্চল গাজাত হামাছে ইয়াৰ শাসন পৰিচালনা কর্তৃ পক্ষ ভংগ কৰি দিয়ে। পেলেষ্টাই নী সন্ত্রাসবাদী গোটটোৱে কয় যে তেওঁলোকে গাজাৰ শাসনভাৰ ৰাষ্ট্ৰসংঘ সমৰ্থিত প্রযুক্তিবিদৰ নিয়ন্ত্রিত সমিতিক গতাই দিয়াৰ প্ৰস্তুতি চলাইছে।
উল্লেখযোগ্য যে আমেৰিকাৰ মধ্যস্থতাত ইজৰাইল-হামাছৰ যুদ্ধ-বিৰতি চুক্তি অনুসৰি এই প্ৰযুক্তিবিদ নিয়ন্ত্রিত সমিতিখন গঠন হৈছিল। হামাছে কয় যে ইজৰাইলৰ আক্রমণত বিধ্বস্ত গাজাৰ পুনৰ নিৰ্মাণৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতি এই পদক্ষেপৰ জৰিয়তে পালন কৰিব।