ডিজিটেল ডেস্ক : গাজাত দুবছৰ ধৰি চলা যুদ্ধৰ পাছত কালিৰ পৰা আনুষ্ঠানিকভাৱে শান্তিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। হামাছে কালি ২০জন পণবন্দীক মুকলি কৰি দিয়ে। প্রথমে সাতজন আৰু পাছত ১৩জন পণবন্দীক মুকলি কৰি দিয়া হয়। হামাছে ৰেডক্ৰছৰ জৰিয়তে ইজৰাইলী পণবন্দী কেইজনক মুকলি কৰি দিয়াৰ পাছত এতিয়া তেওঁলোকৰ হাতত আন কোনো জীৱিত পণবন্দী নাই। আনহাতে ইজৰাইলে ২৫০জন পেলেষ্টাইনী কয়েদীক মুকলি কৰি দিয়ে। ইফালে পণবন্দীক মুকলি কৰি দিয়াৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ইজৰাইলৰ সংসদ নেছেটত ভাষণ দিয়ে। ইজৰাইলৰ সাংসদসকলে তেওঁক কৰধ্বনিৰে আদৰণি জনায়। ইজৰাইলী সংসদত দিয়া ভাষণত ৰাষ্ট্ৰপতি ট্রাম্পে গাজা শান্তি চুক্তিক মধ্য প্রাচ্যৰ ঐতিহাসিক উদয় বুলি অভিহিত কৰে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুক প্রশংসা কৰি ট্রাম্পে কয়, 'ই এক নতুন মধ্য প্রাচ্যৰ ঐতিহাসিক পুৱা।' তেওঁ কয়, 'নেটান্যাহুৰ সৈতে মোকাবিলা কৰাটো সহজ নহয় আৰু এই কথাই তেওঁক মহান কৰি তুলিছে। আপুনি বৰ ভাল কাম কৰিলে।' ট্রাম্পে ভাষণত কয়, 'এতিয়াৰ পৰা নতুন প্রজন্মই ইয়াক এনেকুৱা এক মুহূৰ্তৰূপে মনত ৰাখিব, য'ৰ পৰা সকলো সলনি হ'বলৈ আৰম্ভ কৰিলে। ই এক যুদ্ধৰ অন্তই নহয়, বৰং ইজৰাইল আৰু আন দেশবোৰৰ বাবেও এক মহান সম্ভাৱ আৰু স্থায়ী সম্ভাৱৰ আৰম্ভণি, যাৰ দ্বাৰা প্ৰকৃততে এক সুন্দৰ অঞ্চল হৈ পৰিব।' তেওঁ ইজৰাইলী সংসদত দিয়া ভাষণত কয়, 'পণবন্দী উভতি অহা বুলি ক'বলৈ পাই যথেষ্ট ভাল লাগিছে। ই ইজৰাইল আৰু মধ্য প্রাচ্যৰ বাবে এক ঐতিহাসিক সময়। এতিয়া কেৱল ইজৰাইলৰ বাবেই নহয়, পেলেষ্টাইনী আৰু আন ভালেমান লোকৰ বাবে ভয়াৱহ স্বপ্নৰ অন্ত পৰিল। গাজাত ইজৰাইলৰ সামৰিক অভিযান অধিক ক্ষিপ্র আৰু উগ্ৰ হোৱাৰ সময়তে গাজা চুক্তি সম্পন্ন কৰা হ'ল।
'ট্রাম্পে কয় যে আমেৰিকাই ইজৰাইললৈ বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ যোগান ধৰিলে, যাৰ ফলত ইজৰাইল অধিক শক্তিশালী হৈ পৰিলে আৰু ইয়াৰ ফলতে শান্তি স্থাপন হ'ল। ট্রাম্পে আমেৰিকাৰ বিদেশ মন্ত্রী মার্কো ৰুবিয়' ইতিহাসৰ আটাইতকৈ মহান বিদেশ সচিব বুলি উল্লেখ কৰে আৰু প্ৰতিৰক্ষা সচিব পিট হেছটেগকো প্রশংসা কৰে। তেওঁ কয় যে ইৰানৰ সৈতেও শান্তি চুক্তি হ'লে ভাল হ'ব। তেওঁ কয়, 'তেওঁলোকেও সেইটো কৰিবলৈ বিচাৰে বুলি মই ভাবোঁ। তেওঁলোক ভাগৰি পৰিছে বুলি মই ভাবোঁ। তেওঁলোকে জীয়াই থাকিবলৈ বিচাৰে।' মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে যুদ্ধক্ষেত্ৰত সন্ত্রাসবাদীৰ বিৰুদ্ধে লাভ কৰা এই জয়ক সমগ্র মধ্য প্রাচ্যৰ বাবে শান্তি আৰু সমৃদ্ধিৰ অন্তিম পুৰস্কাৰলৈ সলনি কৰিব লাগে। পেলেষ্টাইনীসকলৰ বাবে ইয়াতকৈ উত্তম বিকল্প একো থাকিব নোৱাৰে আৰু ই তেওঁলোকৰ বাবে সন্ত্রাস আৰু হিংসাৰ পথৰ পৰা উভতি অহাৰ সুন্দৰ সুযোগ।' তেওঁ গাজাৰ পুনৰ নিৰ্মাণত সহায় কৰাৰ কাৰণে আৰব আৰু মুছলিম দেশবোৰৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ।