ডিজিটেল ডেস্ক : আমেৰিকাই ইজৰাইলক জনাইছে যে 'কোনো ক্ষতিপূৰণ বা চৰ্ত নোহোৱাকৈ' হামাছে পণবন্দী এডান আলেকজেণ্ডাৰক মুক্তি দিব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ কাৰ্যালয়ে এই কথা নিশ্চিত কৰিছে।
মঙলবাৰে আমেৰিকাত জন্মগ্রহণ কৰা উক্ত সেনা জোৱানজনক হামাছে মুকলি কৰি দিয়াৰ আশা আছে। উল্লেখযোগ্য যে এই প্রথমবাৰ হামাছে পেলেষ্টাইনী বন্দীৰ মুক্তিৰ চৰ্ত নথকাকৈ পণবন্দীক মুক্তি দিব। আলেকজেণ্ডাৰক ২০২৩ চনৰ ৭অক্টোবৰত আন ২৫০ জন পণবন্দীৰ সৈতে হামাছে ইজৰাইলৰ পৰা গাজালৈ লৈ গৈছিল।
হামাছৰ বন্দুকধাৰীয়ে উক্ত দিনা হঠাতে ইজৰাইলত সোমাই চলোৱা আক্রমণত প্রায় ১,২০০ লোকৰ মৃত্যু হৈছিল। হামাছৰ এই পদক্ষেপে ইজৰাইলৰ সৈতে আলোচনাৰ নতুন বাট মুকলি কৰাৰ সম্ভাৱনা আছে।