ডিজিটেল ডেস্ক : বাৰিষাৰ আগমনৰ লগে লগেই ব্যস্ততা বাঢ়ে বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ। বোকাখাত সম-জিলাৰ জাপৰিপথাৰৰ নিৱাসী মহেন দাসে অসমত বিলুপ্ত হ'বলৈ ধৰা পৰম্পৰাগত আৰু হাত নাও সজা কাম কৰি জীৱন-জীৱিকা চলাই ইতিমধ্যেই ভালেমান হাত নাও নিৰ্মাণ কৰি উলিয়াইছে। এতিয়াও জীয়াই ৰাখিছে অসমীয়াৰ হাতেৰে নাও বনোৱাৰ পৰম্পৰা। আগন্তুক বাৰিষাৰ বাবে প্ৰস্তুতি চলাবৰ বাবে খুমটাইৰ সমষ্টিৰ বিজেপিৰ প্রার্থী মৃণাল শইকীয়াই সদ্যহতে দুখন নাও ক্ৰয় কৰিছে মহেন দাসৰ পৰা। বাৰিষাৰ বাবে ২৫ ফুট দীঘল ৫ খন নাও সাজি বিপণনৰ বাবে সাজু কৰিছে মহেন দাসে। বান অধ্যুষিত বোকাখাত সমষ্টিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ, গাঁও পঞ্চায়ত, দুর্যোগ প্রশমন বিভাগ, আৰক্ষী, পশুপালন বিভাগ আদিত হাত নাৱৰ প্ৰয়োজন। সেইবাবেই সমষ্টিটোত মহেন দাস এক পৰিচিত নাম। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিগত ২৫ বছৰেই দুই শতাধিক হাত নাও সাজি পৰিয়ালৰ ভৰণ-পোষণ দি আহিছে মহেন দাসে। এতিয়া বছৰত ২০-২৫খনকৈ হাত নাও সাজিছে জাপৰিপথাৰৰ মহেন দাসে। হাত নাও সজা এই পৰম্পৰাৰে মহেন দাসে জাপৰিপথাৰ অঞ্চলৰ তিনি-চাৰিটা পৰিয়ালক সংস্থাপন দিয়াৰ উপৰি ১৫/২০গৰাকী লোকো পৰোক্ষভাৱে লাভৱান হৈছে। গোলাঘাট জিলাৰ শান্তিপুৰ অঞ্চলৰ পৰা আহি জাপৰিপথাৰতে নিগাজিকৈ বসবাস কৰিবলৈ লোৱা মহেন দাসে ১৯৮৫ চনৰে পৰাই হাত নাও সাজি আহিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা আৰু ডিফলু নদীৰ পাৰৰ জাপৰিপথাৰ গাঁৱৰ ৬০ টাতকৈও অধিক পৰিয়ালে এতিয়া মহেন দাসে সজা হাত নাও ব্যৱহাৰ কৰি আছে। বাৰিষাৰ আগে আগে সাজু কৰিছে এই নাওবোৰ। সচৰাচৰ ২০ফুট দীঘল আৰু ৩ ফুট বহল হাত নাও মহেন দাসে সাজে যদিও সর্বাধিক ৪১ ফুট দীঘল আৰু ৭ ফুট বহল নাৱো নির্মাণ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। এনে ডাঙৰ নাওবোৰ বানপানীৰ সময়ত নদীপৰীয়া ৰাইজে চাপৰিৰ পৰা পশুধন আনিবলৈ ব্যৱহাৰ কৰে। বাৰিষা বোকাখাত সম-জিলাৰ বেছি অংশই বানাক্রান্ত হয়। এই সময়ত এই অঞ্চলবোৰত নাৱেই যাতায়াতৰ একমাত্র মাধ্যম হৈ পৰে বাবে হাত নাৱৰ চাহিদাও প্ৰচুৰ। মহেন দাসে সাজি উলিওৱা হাত নাওবোৰ গাঁৱৰ ৰাইজৰ উপৰি স্থানীয় গাঁও পঞ্চায়ত আৰু বন বিভাগে ক্রয় কৰে। আমাৰ ইয়াত ডাঙৰ নদীৰ বাবে বৰপেটীয়া নাও আৰু গুৱাহটীয়া নাও ব্যৱহাৰ হোৱাৰ বিপৰীতে ধনশিৰি, ডিফলু আদি নদীৰ বাবে চৰিয়া নাও আৰু পানচৈ নাও মানুহে ব্যৱহাৰ কৰে। গুৱাহটীয়া নাৱেই আমাৰ ইয়াত সবাতোকৈ জনপ্রিয় বুলি জনায় মহেন দাসে। সাধাৰণতে বিভিন্ন আকাৰৰ কৰত, বাইচ, কুঠাৰ, হাতুৰী বটালি ব্যৱহাৰ কৰি হাতেৰেই এই হাত নাওবোৰ সাজে মহেন দাসে।
কিন্তু শেহতীয়াকৈ উপলব্ধ হোৱা যন্ত্রচালিত সৰু সৰু কৰতবোৰ নাও সজা কামত বৰ প্ৰয়োজনীয় হোৱা বুলি মহেন দাসে জনায়। কাঠ কাটি বজাৰত সহজলভ্য গজালেৰে জোৰা লগাই পানী সোমাব নোৱাৰাকৈ ধূনা-চূণ আদি মিশ্রণেৰে লেপি দি পাছত ইণ্ডোকোটেৰে প্ৰলেপ দিয়া হয়। পৰম্পৰাগত হাত নাও নির্মাণ কৌশলৰ আছে এক স্বকীয় কলা। উপযুক্ত কাঠৰ অভাৱ আৰু প্ৰযুক্তিৰ জনপ্ৰিয়তাৰ মাজত ক্রমে বিলুপ্ত হ'ব ধৰা নাও সজাৰ এই বিশেষ কলাক জীয়াই ৰাখিছে বোকাখাত সম-জিলাৰ জাপৰিপথাৰৰ মহেন দাসে। ইয়াৰ উপৰিপৰিয়াল আৰু আন দহটা পৰিয়ালক সংস্থাপন দি বানাক্রান্ত অঞ্চলৰ বহু পৰিয়ালক সহায় কৰিছে জাপৰিপথাৰৰ মহেন দাসে।