ডিজিটেল ডেস্ক : দক্ষিণ আটলান্টিক মহাসাগৰত প্রমোদ ভ্ৰমণ কৰা এখন জাহাজত হান্টা ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই এই লৈ বিশ্বৰ ১২খন দেশলৈ সতর্কতা অবলম্বনৰ নির্দেশনা জাৰি কৰিছে। প্রমোদ ভ্রমণত যোৱা জাহাজখনে কেইবাখনো দেশক চুই গৈছিল। জাহাজখনৰ বহুকেই জন লোকৰ মাজত জ্বৰ আৰু শ্বাস-প্রশ্বাসজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।
পৰৱৰ্তী সময়ত জাহাজখনত ৰোগাক্রান্ত তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈছে। হান্টা ভাই বাছৰ প্রাদুর্ভাবে বিশ্ববাসীক শংকিত কৰি তুলিছে। জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ ফলত পুনৰ কভিডৰ সময়ৰ দৰে লকডাউন হ'ব নেকি, সকলোবে মাস্ক পিন্ধিব লাগিব নেকি আদি প্রশ্ন চাৰিওদিশৰ পৰা উত্থাপন হৈছে। এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই জনসাধাৰণক সজাগ কৰি তোলাৰ চেষ্টা কৰিছে। বিশ্ব সংস্থাটোৰ মহামাৰী ব্যৱস্থাপনা বিভাগৰ সঞ্চালক ডাঃ মাৰিয়া ভান কেৰকোভে এখন সংবাদমেলত কয় যে হান্টা ভাইৰাছ কভিড বা ইনফ্লুৱেঞ্জাৰ দৰে নহয়, ই বহুত বেলেগ ধৰণেৰে বিয়পে। এই ভাইবাছ সংক্ৰমণৰ কোনো লক্ষণ থকা লোক এতিয়ালৈকে পোৱা নাই বুলিও তেওঁ কয়। হণ্টা এণ্ডিছ ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্রমণ হয়। নিকট সম্পর্ক বজাই ৰখাসকলৰ মাজত এই সংক্রমণ দেখা যায় বুলিও তেওঁ কয়।
বিশ্ব স্বাস্থ্য সংস্থাৰ আন এজন শীর্ষ বিষয়া ডাঃ অব্দিৰহমান মহম্মদে কয় যে বৰ্তমানৰ পৰিস্থিতি ২০১৮-১৯ চনত আর্জেন্টিনাত সৃষ্টি হোৱা পৰিস্থিতিৰ দৰে হৈছে। আর্জেন্টিনাত এটা ৰাজহুৱা অনুষ্ঠানত হান্টা ভাইৰাছত আক্রান্ত এজন লোকৰ পৰা বহুজনলৈ ই বিয়পিছিল। গতিকে বিশ্বৰ জনতাক সাবধানতা অৱলম্বনৰ বাবে তেওঁ আহ্বান জনায়।